17/04/2026
আজি আমাৰ আই মাতৃ সকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলসমূহে...
এই নাৰী শক্তি বন্দন বিধেয়ক আছিল আমাৰ নাৰীশক্তিৰ, আই মাতৃ সকলৰ স্বাভিমান, সন্মান আৰু ৰাজনৈতিক অধিকাৰৰ বাবে।
কংগ্ৰেছ নেতৃত্বাধীন INDI মিত্ৰজোঁটৰ এই বিৰোধিতা ৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থ, নাৰীশক্তিৰ উত্তৰণৰ বিৰোধিতাৰেই প্ৰতিফলন।
আমি কংগ্ৰেছৰ এই নাৰী শক্তিক ৰাজনৈতিক ভাৱে আকৌ আগবাঢ়ি অহাত বাধা দিয়াৰ ৰাজনৈতিক অভিসন্ধিক ধিক্কাৰ জনাইছোঁ। নাৰী শক্তিক উচিত মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত তথা সংবিধান প্ৰদত্ত দায়িত্ব পালনৰ ক্ষেত্ৰত, আজি কংগ্ৰেছ দলটো আৰু INDI মিত্ৰজোঁটে প্ৰদৰ্শন কৰা তেওঁলোকৰ অপৰিপক্কতা, দূৰদৰ্শিতাৰ অভাৱ সঁচাকৈয়েই দুৰ্ভাগ্যজনক।
নাৰী সমাজৰ হকে দায়বদ্ধ হৈ এই ঐতিহাসিক বিধেয়ক উপস্থাপন কৰাৰ বাবে আমি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।