08/11/2022
ছাত্ৰ-ছাত্ৰীসকলৰ লগত আজিৰ চন্দ্ৰ গ্ৰহণৰ এই বিৰল মহাজাগতিক পৰিঘটনা নিৰীক্ষণ কৰাৰ কিছু দৃশ্য।পূৰ্ণগ্ৰাসৰ সময়ৰ তামৰঙী জোনটোৰ পৰা ক্ৰমে আংশিক গ্ৰহণৰ সময়ৰ দৃশ্যৰ লগতে পৰিসমাপ্তিৰ উজ্জ্বল জোনটোলৈকে আটাইকেইটা দৃশ্য আমি কেমেৰাত আৱদ্ধ কৰিবলৈ সক্ষম হওঁ। এই সুযোগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত চন্দ্ৰ আৰু সূৰ্যগ্ৰহণৰ সৈতে জড়িত বৈজ্ঞানিক কাৰণসমূহৰ লগতে সমাজত প্ৰচলিত অন্ধবিশ্বাস সমূহৰ বিষয়েও আলোচনা কৰা হয়।