20/09/2025
বৰক্ষেত্ৰী মহাবিদ্যালয় "NSUI" গোটৰ উদ্যোগত আমাৰ হিয়াৰ আমঠু, হার্টথ্র'ব জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি
জুবিন দাৰ নাম আমাৰ হৃদয়ত এক মৰম আৰু স্নেহৰ
অনুভূতি হৈ থাকিব।
জুবিন দাৰ সংগীত, মৰম আৰু সহজ-সৰল জীৱনদ্বাৰা সকলোৰে হৃদয় জয় কৰিছিল। তেওঁৰ গীত, কণ্ঠ আৰু তেওঁৰ সৃষ্টিকৰ্মই আমাক জীৱনৰ বিভিন্ন সময়ত আনন্দ, আশা আৰু অনুপ্ৰেৰণা দি যাব আপুনি আমাৰ মাজত সদায় থাকিব।
তেওঁ আজি আমাৰ মাজত নাথাকিলেও, তেওঁৰ কণ্ঠ আৰু সৃষ্টি যুগ যুগান্তলৈ আমাৰ হৃদয়ত জিপাল হৈ থাকিব।
জুবিন দালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ-তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।