09/06/2026
৯ জুন-- অগপৰ ইতিহাসৰ এক স্মৰণীয় দিন। অসম গণ পৰিষদৰ ৰাজনৈতিক আৰু সাংগঠনিক যাত্ৰাপথত ৯ জুন এক বিশেষ তাৎপৰ্য বহন কৰা দিন। ১৯৯৫ চনৰ আজিৰ এই বিশেষ দিনটোতে সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী মজিয়াৰপৰা অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল দলৰ সন্মানীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া আৰু সন্মানীয় কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াই। আজি সেই ঐতিহাসিক ক্ষণৰ ৩১ বছৰত পদাৰ্পণৰ দিন। তিনিটা দশক অতিক্ৰম কৰা এই সুদীৰ্ঘ যাত্ৰা কেৱল দুজন নেতাৰ ৰাজনৈতিক যাত্ৰাই নহয়, ই হৈছে আঞ্চলিক চেতনা, জাতীয় স্বাভিমান, দলীয় দায়বদ্ধতা আৰু জনসেৱাৰ এক উজ্জ্বল অধ্যায়।
সময়ে সময়ে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পাছতো দুয়োগৰাকী নেতাই দৃঢ়তা, নিষ্ঠা আৰু দূৰদৰ্শী নেতৃত্বেৰে অসম গণ পৰিষদক শক্তিশালী কৰি ৰখাৰ লগতে অসমৰ স্বাৰ্থ সুৰক্ষাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। তেখেত সকলৰ এই অক্লান্ত প্ৰচেষ্টাই দলটোক নতুন প্ৰজন্মৰ মাজতো আশা, আস্থা আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছে। এই গৌৰৱময় দিনটোত অসম গণ পৰিষদৰ তৰফৰপৰা দুয়োগৰাকী সন্মানীয় নেতালৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। অগপক শক্তিশালী কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰি অহা দুয়োগৰাকী নেতাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
৩১ বছৰৰ এই যুগল যাত্ৰা আগবাঢ়ি যাওক অধিক শক্তিৰে, অধিক জনসমৰ্থনেৰে আৰু অধিক গৌৰৱেৰে। অসম, প্ৰগতিশীল আঞ্চলিকতাবাদ আৰু আঞ্চলিক স্বাভিমানৰ স্বাৰ্থত এই যাত্ৰা অব্যাহত থাকক।