AJYCP ঔতলা আঞ্চলিক সমিতি

AJYCP ঔতলা আঞ্চলিক সমিতি জাতিৰ হকে আমাৰ কণ্ঠ
জয় আই অসম।।

বৰ অসমৰ ভেঁটি নিৰ্মাতা চাওলুং চুকাফালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ।
02/12/2025

বৰ অসমৰ ভেঁটি নিৰ্মাতা চাওলুং চুকাফালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতি আৰু ঔতলা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত মজাচুবুৰী জেউতী সংঘৰ প্ৰাংগনত ১৫/০৮/...
16/08/2025

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতি আৰু ঔতলা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত মজাচুবুৰী জেউতী সংঘৰ প্ৰাংগনত ১৫/০৮/২০২৫ তাৰিখে ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। কাৰ্যসূচীটি সফলভাৱে ৰূপায়ন কৰাত সহায়-সহযোগ আগবঢ়োৱা সদৌটিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত  অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্হা প্ৰৱৰ্তন আ...
29/07/2025

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্হা প্ৰৱৰ্তন আৰু অসমৰ খিলঞ্জীয়া জনগনৰ ভূমি অধিকাৰ সু-নিশ্চিত কৰাৰ দাবীত আয়োজিত গণ অৱস্থান কাৰ্যসূচীত ঔতলা আঞ্চলিক সমিতিয়ে অংশগ্ৰহন কৰোঁ।আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনেহে অসম সুৰক্ষিত কৰিব ।

 াফলতঔতলাৰ লগতে দৰংৰ গৌৰৱ  বৃহত্তম ঔতলাৰ,বেচিমাৰি গাৱৰ নিবাসী ঔতলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক,ঔতলা সাহি...
23/07/2025

াফলত
ঔতলাৰ লগতে দৰংৰ গৌৰৱ বৃহত্তম ঔতলাৰ,বেচিমাৰি গাৱৰ নিবাসী ঔতলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক,ঔতলা সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ #শ্ৰীখিতেশ্বৰ_ডেকা আৰু শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ‌ পঞ্চমী ডেকাৰ সুযোগ্যা কণ্যা #ৰিতুপৰ্না_ডেকাই আজি ঘোষিত ৰ ফলাফলত #মীন_উন্নয়ন_বিষয়া হিচাপে নিযুক্তি লাভ কৰি ঔতলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে।
ঔতলা বাসী হিচাবে গৌৰৱ অনুভব কৰি তেখেতলৈ অলেখ শুভ কামনা আৰু অভিনন্দন জনালোঁ।

10/07/2025
"কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে।জাতি ডাঙৰ হয়, জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।"                         ...
20/06/2025

"কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে।
জাতি ডাঙৰ হয়, জাতীয়তাবাদৰ হকে
ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।"
_____ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।

স্মৃতি দিৱসৰ শুভক্ষণত কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।

"মোৰ দৰে সাধাৰণ মানুহ এজনে দেশৰ কাৰণে কি বাণী দিম? দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ কাৰণে মই নিজৰ জীৱন দিয়েই পূ...
15/06/2025

"মোৰ দৰে সাধাৰণ মানুহ এজনে দেশৰ কাৰণে কি বাণী দিম? দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ কাৰণে মই নিজৰ জীৱন দিয়েই পূজা কৰি গ'লোঁ।"

শ্বহীদ কুশল কোঁৱৰ
(২১ মাৰ্চ,১৯০৫ - ১৫ জুন, ১৯৪৩)

৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ এনে এগৰাকী সেনানী, যাৰ সাহসিকতাই আমাৰ স্বাধীনতাৰ যুঁজখনক অসমতো নতুন গতি প্ৰদান কৰিছিল। মহান স্বাধীনতা সংগ্রামী, দেশপ্রেমিক গৰাকীৰ আদৰ্শ আৰু স্বদেশপ্রেমে প্ৰতিটো প্ৰজন্মক সদায়ে উদ্বুদ্ধ কৰি যাব।

অসম আৰু অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে ১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে...
12/03/2025

অসম আৰু অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে ১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি ৪৭ বষৰ্ৰ অতিক্ৰম কৰিলেহি । জন্মলগ্নৰে পৰা অসম আৰু অসমীয়া জাতিলৈ অহা প্ৰতিটো সংকট আৰু দুৰ্যোগৰ সময়ত প্ৰতিনিয়ত আপোচহীন ভাৱে থিয় দি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সংগ্ৰাম খনক জাতীয় সংগ্ৰাম হিচাপে প্ৰতিষ্ঠা কৰাত অনবদ্য অৱদান আগবঢ়োৱা প্ৰাক্তন সকলো সতীৰ্থ আৰু বৰ্তমানৰ সহ সংগ্ৰামী সকলো সতীৰ্থক আজিৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।
মুলতঃ অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তন, অসমত পূৰ্ণ স্বায়ত্ত শাসন আৰু দ্বি নাগৰিকত্ব প্ৰৱৰ্তন কৰা, বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা,খিলয়াঞ্জীয়াৰ ভূমি অধিকাৰ আৰু নিবনুৱা সমস্যা সমাধান আদিৰ দাবীত সংগ্ৰাম চলাই যোৱাৰ সমান্তৰালভাৱে অসমীয়া জাতিলৈ অহা প্ৰতিটো সংকট বা সমস্যাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় দি আহিছে আৰু যুৱ-ছাত্ৰ পৰিষদৰ এই আপোচহীন সংগ্ৰামী চৰিত্ৰৰ বাবে অসমবাসীৰ ওচৰত পৰিষদে লাভ কৰিছে এক অনন্য পৰিচয় ।এয়া স্পষ্ট যে জাতি আজি অস্তিত্বৰ সংকটত, আসন্ন সময় অসমীয়া জাতিৰ বাবে প্ৰত্যাহ্বান মূলক । অনাগত সময়তো জাতিলৈ আহিব লগা সকলো প্ৰত্যাহ্বান নেওচি অসমীয়াৰ স্বকীয় আত্মপৰিচয়ৰে বিশ্ববাসীৰ সন্মূখত স্বাভিমানৰে জীয়াই থাকিবলৈ সংগ্ৰাম অনিবাৰ্য । সেয়েহে আজিৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসী তথা পৰিষদৰ প্ৰতিজন সংগ্ৰামী সতীৰ্থৰ পৰা যুৱ-ছাত্ৰ পৰিষদৰ জাতীয় সংগ্ৰাম খনি আৰু অধিক শক্তিশালীভাৱে আগবঢ়াই যোৱাত সহযোগিতা কামনা কৰিলোঁ । সংগ্ৰাম দীৰ্ঘজীৱী হওঁক ।
।।জয়তু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ।।
।।জয় আই অসম।।

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when AJYCP ঔতলা আঞ্চলিক সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category