22/09/2022
আজি ৰাতিপুৱা ফোনটো বাজি উঠিল। ৰক্তিমে ফোন কৰিছে। ৰক্তিম ডেকা। ঝাৰগাওঁত ঘৰ। অধিকাৰী হোষ্টেলৰ আবাসি ।ৰক্তিমৰ প্ৰৱল হেঁপাহ এজন আৰক্ষী হোৱাৰ, ৰক্তিমৰ কষ্ট সাৰ্থক হোৱাৰ খৱৰে মনটো আনন্দিত কৰিছে।ৰক্তিমে বৰ উৎসাহেৰে কলে বাইদেউ মোৰ Armed Branch......Assam Police ত নিযুক্তি পালো। অধিকাৰী হোষ্টেলৰ ফালৰ পৰা তোমালৈ আন্তৰিক অভিনন্দন জনালো ৰক্তিম। কৰ্মেৰে আগুৱাই যোৱা, ঈশ্বৰ সদায় সহায়ক হওঁক🙏