Majuli Police

Majuli Police Official interactive platform for better coordination and communication between the people of Majuli and the Police.

A briefing of all GOs, OCs and ICs was conducted at the SSP’s Chamber, Majuli, focusing on the key directions issued dur...
06/09/2026

A briefing of all GOs, OCs and ICs was conducted at the SSP’s Chamber, Majuli, focusing on the key directions issued during the SSP Conference at LBPA, Dergaon.

The briefing emphasized strict compliance, effective implementation, close supervision, coordination and prompt response to emerging law & order challenges, preventing and detecting crimes, reaffirming Majuli Police’s commitment to disciplined, responsive and people-centric policing.
CMO Assam
Assam Police
Himanta Biswa Sarma
DGPAssamPolice

মাজুলী আৰক্ষীৰ কবলত আৰু এজন গাঞ্জা সৰবৰাহকাৰী।যোৱা ৰাতি মাজুলী আৰক্ষীয়ে অভিযান চলাই নগাঁও গোসাঁইবৰী, ফুলনি নিবাসী বগাৰাম...
04/09/2026

মাজুলী আৰক্ষীৰ কবলত আৰু এজন গাঞ্জা সৰবৰাহকাৰী।

যোৱা ৰাতি মাজুলী আৰক্ষীয়ে অভিযান চলাই নগাঁও গোসাঁইবৰী, ফুলনি নিবাসী বগাৰাম নাথৰ ঘৰৰপৰা জব্দ কৰে এই গাঞ্জাখিনি।

এই সংক্ৰান্তত ইতিমধ্যে জেংৰাইমুখ থানাত এটা গোচৰ ৰুজু কৰি আইনমতে যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে।
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Directorate of Information and Public Relations, Assam
Bhuban Gam

03/09/2026

শিশু-কিশোৰৰ মাজত ধঁপাতজাতীয় সামগ্ৰীৰ আসক্তি ৰোধৰ লক্ষ্যৰে মাজুলী আৰক্ষীৰ আকস্মিক অভিযান

যোৱা কেইবাদিনো ধৰি মাজুলীৰ বিভিন্ন প্ৰান্তত শিশু-কিশোৰৰ মাজত ধঁপাতজাতীয় সামগ্ৰীৰ আসক্তি বৃদ্ধি পোৱাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত মাজুলী আৰক্ষীৰ তৰফৰপৰা শিক্ষানুষ্ঠানসমূহৰ চৌহদৰ আশে-পাশে থকা বিপণীসমূহত আকস্মিক তালাচী অভিযান চলোৱা হয়।

লগতে গড়মূৰ, কমলাবাৰী, বনগাঁও, ফুলনি আৰু জেংৰাইমুখ অঞ্চলৰ বজাৰ এলেকাসমূহত বিড়ি, চিগাৰেট, গুটখা আদি ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীসকলক ১৮ বছৰৰ তলৰ কোনো ব্যক্তিক এনে সামগ্ৰী বিক্ৰী নকৰিবলৈ কঠোৰ সতৰ্কতা জাৰি কৰা হয়। ব্যৱসায়ীসকলক COTPA (Ci******es and Other To***co Products Act)-ৰ সংশ্লিষ্ট বিধানসমূহৰ বিষয়েও অৱগত কৰা হয়।

এই অভিযানৰ সময়ত বনগাঁৱৰ ৰাৱনাগাঁও নিবাসী বসন্ত শইকীয়া (পিতা—মৃত শুভ শইকীয়া)-ৰ এখন বিপণীৰ পৰা চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ লগতে Captain ConGo আৰু Gothr3e Paper নামৰ দুবিধ সামগ্ৰী উদ্ধাৰ কৰা হয়, যিবোৰ গাঞ্জা সেৱনৰ বাবে ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

উক্ত বিষয়ত বিপণীখনৰ স্বত্বাধিকাৰী বসন্ত শইকীয়াৰ বিৰুদ্ধে আইন অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

গাঞ্জা, ভাং, ড্ৰাগছৰ ব্যৱসায় আৰু এই ব্যৱসায়ক প্ৰশ্ৰয় দিয়া যিকোনো ব্যক্তিৰ বিষয়ে মাজুলী আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনোৱা হ'ল। শিশু-কিশোৰক নিচাযুক্ত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ কু-প্ৰভাৱৰ পৰা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত মাজুলী আৰক্ষী সদায় সজাগ আৰু প্ৰতিশ্ৰুতিবদ্ধ।
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Directorate of Information and Public Relations, Assam
Bhuban Gam

Arakshi Sanmilan – August 2026The Arakshi Sanmilan for August 2026 was held at the SSP Office, Majuli. Grievances and we...
31/08/2026

Arakshi Sanmilan – August 2026

The Arakshi Sanmilan for August 2026 was held at the SSP Office, Majuli. Grievances and welfare-related issues of police personnel were heard and addressed.

Certificates of Appreciation were presented to Police personnel, VDP members and others in recognition of their dedication, commendable work and active contribution to various activities and public service initiatives.

On the occasion, the SR Assistant proceeding on retirement was also felicitated in appreciation of his dedicated and long-standing service and valuable contribution. Best wishes were extended to him for a happy and fulfilling retired life.

Dedication • Service • Appreciation • Good Wishes

CMO Assam
Assam Police
DGPAssamPolice

Celebrating the Spirit of Sports! 🇮🇳Majuli Police joins the National Sports Day 2026 celebrations, promoting fitness, un...
30/08/2026

Celebrating the Spirit of Sports! 🇮🇳

Majuli Police joins the National Sports Day 2026 celebrations, promoting fitness, unity and the true spirit of sportsmanship. 💪🏅


CMO Assam
Assam Police
DGPAssamPolice

Awareness Programme on Women-Related CrimesMajuli Police conducted awareness programmes across all three Police Stations...
30/08/2026

Awareness Programme on Women-Related Crimes

Majuli Police conducted awareness programmes across all three Police Stations on Dowry, R**e, POCSO, Child Marriage and other women-related crimes.

Women, VDP members, Thana Level Nagarik Committee members and police personnel participated actively in the programmes.

Awareness • Prevention • Protection
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Directorate of Information and Public Relations, Assam

Not detection, but conviction is the ultimate justice delivered.চলিত মাহত মাজুলীৰ মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত...
29/08/2026

Not detection, but conviction is the ultimate justice delivered.

চলিত মাহত মাজুলীৰ মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে তিনিটা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দানত অভিযুক্তসকলক দোষী সাব্যস্ত কৰি আইন অনুসৰি শাস্তি বিহে।

মাজুলী আৰক্ষীৰ বাবে প্ৰতিটো গোচৰৰ সফল তদন্তৰ চূড়ান্ত লক্ষ্য হৈছে—ন্যায়ালয়ত দোষ প্ৰমাণ, দোষীৰ শাস্তি আৰু ভুক্তভোগীৰ ন্যায় নিশ্চিত কৰা।

মাজুলী আৰক্ষী: জনহিত, জনসেৱাৰ্থে।
CMO Assam
Assam Police
District Administration Majuli
Directorate of Information and Public Relations, Assam

কিছুদিন পূৰ্বে সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত এটি পোষ্টৰ জৰিয়তে মাজুলী জিলাৰ এখন বিদ্যালয়ৰ এগৰাকী শিশু ড্ৰাগছ আসক্ত...
28/08/2026

কিছুদিন পূৰ্বে সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত এটি পোষ্টৰ জৰিয়তে মাজুলী জিলাৰ এখন বিদ্যালয়ৰ এগৰাকী শিশু ড্ৰাগছ আসক্ত হৈ চিকিৎসাধীন হৈ থকা আৰু জিলাখনৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ আসক্তিয়ে কম বয়সীয়া শিশু-কিশোৰসকলক ছানি ধৰাৰ দৰে এক গুৰুতৰ বিষয় প্ৰচাৰিত হৈছিল। ফলত বিষয়টোক কেন্দ্ৰ কৰি জিলাখনত এক জনৰৱ আৰু সচেতন মহলত কিছু অস্থিৰতাৰ সৃষ্টি হৈছিল।

বিষয়টো মাজুলী আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগেই বিষয়টোৰ সত্যাসত্য নিৰূপণৰ বাবে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰি চৰজমিন তদন্ত চলোৱা হয়।

তদন্তৰ সময়ছোৱাত সংশ্লিষ্ট শিশুটিক সাক্ষাৎ কৰাৰ লগতে তেওঁ অধ্যয়নৰত বিদ্যালয়খনলৈ গৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু সহপাঠীসকলৰ সৈতে মত বিনিময় কৰা হয়। তদুপৰি, সংশ্লিষ্ট চিকিৎসকৰ সৈতেও আলোচনা কৰি শিশুটিৰ অসুস্থতাৰ সম্ভাৱ্য কাৰণসমূহ জানিবলৈ চেষ্টা কৰা হয়।

তদন্তকালত লাভ কৰা তথ্য আৰু Urine Toxicology Screening Report পৰীক্ষা কৰাৰ পাছত এই কথা পোহৰলৈ আহে যে শিশুটিৰ শৰীৰত কোনো বন্ধুৱে ড্ৰাগছ বা তেনে কোনো নিচাযুক্ত দ্ৰব্য প্ৰৱেশ কৰোৱা নাছিল আৰু পৰীক্ষাতো শিশুটিৰ শৰীৰত ড্ৰাগছ বা অন্য কোনো নিচাযুক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পৰা নাই।

মাজুলী আৰক্ষীৰ তৰফৰ পৰা সকলো সচেতন নাগৰিকলৈ আহ্বান—সমাজত সংঘটিত অপৰাধ বা কোনো অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে সজাগ থাকক, আৰক্ষীক অৱগত কৰক আৰু অপৰাধ প্ৰতিৰোধ তথা অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগিতা আগবঢ়াওক। কিন্তু কোনো তথ্যৰ সত্যাসত্য নিশ্চিত নকৰাকৈ অতিৰঞ্জিত বা ভিত্তিহীন জনৰৱ প্ৰচাৰ কৰি জনসাধাৰণক বিভ্ৰান্ত নকৰিব।

ড্ৰাগছৰ দৰে মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ মাজুলীত প্ৰৱেশ বা সৰবৰাহ সম্পৰ্কে কিবা তথ্য, সন্দেহ বা শুংসূত্ৰ লাভ কৰিলে পলম নকৰি মাজুলী আৰক্ষীক অৱগত কৰিবলৈ মাজুলীবাসী ৰাইজক আন্তৰিকভাৱে অনুৰোধ জনোৱা হ’ল।

আপোনাৰ এটা সঠিক তথ্যই এখন সমাজক ড্ৰাগছৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে।

জনহিত, জনসেৱাৰ্থে
মাজুলী আৰক্ষী

CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Directorate of Information and Public Relations, Assam
Bhuban Gam

আজি মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসম আৰক্ষীৰ পূব সংমণ্ডলৰ আৰক্ষী মহা-পৰিদৰ্শক (IGP) শ্ৰী কংকন জ্যোতি শইকীয...
28/08/2026

আজি মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসম আৰক্ষীৰ পূব সংমণ্ডলৰ আৰক্ষী মহা-পৰিদৰ্শক (IGP) শ্ৰী কংকন জ্যোতি শইকীয়াই জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগতে বিভিন্ন আৰক্ষী থানা আৰু চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এক আন্তঃক্ৰিয়ামূলক বৈঠকত মিলিত হয়।

অসম আৰক্ষীৰ পূব সংমণ্ডলৰ আৰক্ষী মহা-পৰিদৰ্শক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ মাজুলীলৈ প্ৰথমটো ভ্ৰমণ। বৈঠকত তেওঁ জিলাখনৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতি, অপৰাধ নিয়ন্ত্ৰণ আৰু তদন্তৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰে। লগতে মাজুলী জিলা আৰক্ষীৰ বিভিন্ন কৰ্তব্য, চলিত অভিযান আৰু উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বিষয়েও আভাস গ্ৰহণ কৰে।

বৈঠকত আৰক্ষীৰ কাৰ্যক্ষমতা অধিক বৃদ্ধি, অপৰাধ প্ৰতিৰোধ আৰু জনসাধাৰণৰ সৈতে আৰক্ষীৰ সমন্বয় অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli

Address

Majuli
Majuli

Alerts

Be the first to know and let us send you an email when Majuli Police posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Majuli Police:

Shortcuts

Share