13/01/2022
নতুন বছৰত নতুন আশা...
অসমৰ ছাত্ৰ ৰাজনীতিত নতুন দিগন্তৰ সূচনা কৰি শদিয়াৰ পৰা ধুবুৰীলৈ অসম ছাত্ৰ পৰিষদৰ উত্থান। কটনৰ পৰা অভয়াপুৰি, সন্দিকৈৰ পৰা বঙাইগাঁও ছোৱালী মহাবিদ্যালয়, হাৰ্হিৰ পৰা শিলচৰ অভিযান্ত্ৰিক প্ৰতিস্থানলৈকে অসমৰ গৰিষ্ঠ সংখ্যক আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ অৰ্ধশতাধিক পদত অসম ছাত্ৰ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ জয়লাভ । নতুন বছৰৰ পহিলা পষেকতে ছাত্ৰ সংগঠনটোৰ এই জয় স্বাভাৱিকতে অসমৰ ৰাজনীতিত এক আশাব্যঞ্জক বতৰা । এই আপাহতে বিজয়ী প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগতে অসম ছাত্ৰ পৰিষদৰ সমূহ বিষয়ববীয়ালৈ শুভেচ্ছা আৰু কৃতজ্ঞতা যাচিলোঁ।
আমাৰ অসম ছাত্ৰ পৰিষদে জয় লাভ কৰা শিক্ষা প্ৰতিষ্ঠান আৰু পদসমূহ —
১। কটন বিশ্ববিদ্যালয় — সভাপতি, সাংস্কৃতিক সম্পাদক আৰু সম্পাদক, ক্ৰিকেট শাখা
২। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও – সাধাৰণ সম্পাদক, সভাপতিকে ধৰি সমূহ পদ
৩। অভয়াপুৰি মহাবিদ্যালয় — সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদ
৪। এম চি কলেজ, বৰপেটা —সাধাৰণ সম্পাদক, সাহিত্য সম্পাদক, তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সম্পাদক, সমাজ সেৱা বিভাগৰ সম্পাদক, সম্পাদক, শৰীৰ চৰ্চা বিভাগ
৫। ডি ডি আৰ মহাবিদ্যালয় — সাধাৰণ সম্পাদককে ধৰি সমূহ পদ
৬। অসম অভিযান্ত্ৰিক প্রতিষ্ঠান – সাধাৰণ সম্পাদক, সভাপতিকে ধৰি সকলো পদ
৭। কমাৰগাঁও মহাবিদ্যালয়, বোকাখাত – সভাপতি সাধাৰণ সম্পাদককে ধৰি সকলো পদ
৮। ফৰকাটিং মহাবিদ্যালয় — সাধাৰণ সম্পাদককে ধৰি পাঁচটা পদ
৯। বাপুজী উঃ মাঃ বিদ্যালয় — সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদ
১০। উত্তৰ গুৱাহাটী মহাবিদ্যালয় – সাধাৰণ সম্পাদককে ধৰি ৬ টা পদ
১১। হাৰ্হি মহাবিদ্যালয়, লখিমপুৰ – উপ-সভাপতিকে ধৰি দুটা পদ
১২। বঙাইগাঁও বীৰঝৰা কন্যা মহাবিদ্যালয় — সাধাৰণ সম্পাদককে ধৰি সমূহ পদ
১৩। বীৰঝৰা মহাবিদ্যালয় – সাধাৰণ সম্পাদককে ধৰি সমূহ পদ
১৪। দীনদয়াল মহাবিদ্যালয় — সাধাৰণ সম্পাদককে ধৰি সমূহ পদ
১৫। শিলচৰ অভিযান্ত্ৰিক প্রতিষ্ঠান — সাধাৰণ সম্পাদককে ধৰি সকলো পদ
১৬। সন্দিকৈ ছোৱালী মহাবিদ্যালয় — সভাপতি
১৭। বেলতলা মহাবিদ্যালয় — ক্রীড়া সম্পাদক ।
১৮। জে ডি এছ জি মহাবিদ্যালয় - সাধাৰণ সম্পাদককে লৈ কেইবাটাও পদত
১৯৷ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয় - সাংস্কৃতিক সম্পাদককে ধৰি ৪ টা পদ
২০৷ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় - সভাপতি , সাধাৰণ সম্পাদককে আদি কৰি ৬ টা পদত
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত
Trinayan Baruah