02/04/2026
খোরাঙত বাজিল বিজয় ৰণশিঙা...
খোরাং বিধানসভা সমষ্টিত অনুষ্ঠিত আজিৰ বিশাল জন সমারেশে স্পষ্ট বার্তা দিলে- এইবাৰ খোৱাং সমষ্টিবাসী বিজেপিৰ মিছা প্রতিশ্রুতি, দুর্নীতি আৰু বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে জাগ্ৰত আৰু সংগঠিত। বৰবৰুৱা পূজা ফিল্ডত পৰিৱৰ্তনকামী জনতাৰ পাৰভঙা উছাহে দেখুৱাই দিলে যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভয়, বিভাজন আৰু জনবিৰোধী নীতি আৰু নচলিব।
মিছা প্ৰতিশ্ৰুতি আৰু জনতাক কৰা প্ৰতাৰণাৰ অৱসান ঘটোৱাৰ সময় আহিল। সময় আহিল শাসকীয় পক্ষৰ অন্যায়ৰ বিৰুদ্ধে একেলগে থিয় হোৱাৰ, আৰু অসমৰ ভৱিষ্যৎ নিজ হাতে গঢ়াৰ।
আজিৰ এই নির্বাচনী সভাত উপস্থিত থাকি আমাক সাহস দিয়া বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, ছত্তীশগড়ৰ প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেল ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বারধায়ক জিতেন্দ্র সিং ডাঙৰীয়া, ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তির্কী ডাঙৰীয়া, AICCৰ সম্পাদক কুনাল চৌধাৰী ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, প্ৰাক্তন বিধায়ক তথা চাবুরা- লাহোৱাল সমষ্টিৰ কংগ্ৰেছ মনোনীত বিৰোধী ঐক্যৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়া, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ মনোনীত বিৰোধী ঐক্যৰ প্ৰাৰ্থী মৈনাক পাত্ৰ ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ উপ-সভাপতি বীৰেন বৰুৱা, সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, সম্পাদক ৰাজু ফুকন, সম্পাদক মাণিক গগৈ, সম্পাদক প্রণরজ্যোতি চেতিয়া, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি বিজিত সন্দিকৈ, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অবিনাশ গগৈ প্রমুখ্যে সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
"বিজয় ৰণশিঙা” মঞ্চৰ পৰা এটাই স্পষ্ট বাৰ্তা – ভ্ৰষ্টাচাৰ, অপশাসন, স্বৈৰতন্দ্ৰ আৰু হিংসা-বিদ্বেষৰ চৰকাৰ উফৰাই জনতাৰ চৰকাৰ প্ৰতিষ্ঠা কৰি গণতন্ত্ৰৰ মূল্যবোধৰ ওপৰত সু-শাসন গঢ়ি তোলা।
জয় আই অসম। অসম প্রথম, সদায় আৰু চিৰদিন।