23/05/2026
(মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুকৰ ৱালৰ পৰা...)
সুদীৰ্ঘ তিনি দশকৰ মোৰ ৰাজনৈতিক জীৱনত অসমত বিভিন্ন ধৰণৰ সমালোচনা, প্ৰতিবাদ আৰু বিৰোধিতা দেখিবলৈ পাইছোঁ। গণতন্ত্ৰত এইবোৰৰ এটি মৰ্যাদাপূৰ্ণ স্থান বা প্ৰয়োজনীয়তা আছে। কিন্তু অপ্ৰিয় হ'লেও সত্য যে ইয়াৰে একাংশ বিৰোধিতা, সমালোচনা নাইবা প্ৰতিবাদৰ কোনো ভিত্তি দেখিবলৈ পোৱা নাযায়। এনে বহু কাৰণতে অসমত উন্নয়নমূলক কাম-কাজ আগুৱাই নিয়াত বিভিন্ন সময়ত বাধাৰ সৃষ্টি হোৱাও আমি দেখিছোঁ।
শেহতীয়াকৈ গুৱাহাটীৰ চাইকেল ফেক্টৰী-লাল গণেশ সংযোগী নৱনিৰ্মিত উৰণ সেতুখন আমি ৰাইজৰ বাবে উছৰ্গা কৰিছোঁ। উৰণ সেতুখনৰ নাম ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা হৈছে আৰু সেইবাবেই একাংশই ইয়াৰ বিৰোধিতা কৰিছে নাইবা অসন্তুষ্টি প্ৰকাশ কৰিছে। কাৰণ হিচাপে ড° শ্যামা প্রসাদ মুখাৰ্জী অসমৰ সৈতে সম্পৰ্কিত ব্যক্তি নহয় বুলিও কোৱা হৈছে, যি সত্য নহয়।
স্বাধীনতাৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই আমাক ইতিহাসৰ বিভিন্ন তথ্যৰ পৰা আঁতৰাই ৰখা হৈছিল। এই বিষয়ে কিছু তথ্য সেয়ে অৱগত কৰিব খুজিছোঁ। গ্ৰুপিঙৰ জৰিয়তে অসমক ভাৰতৰ পৰা পৃথক কৰি মুছলিম লীগে পূব পাকিস্তানৰ অংশ কৰিব খোজা কাৰ্যৰ বিৰোধিতা কৰিছিল ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, জননেতা ভীমবৰ দেউৰী আদি অসমৰ বহু মহীৰূহে যেতিয়া গ্ৰুপিঙৰ বিৰোধিতা কৰিছিল তেতিয়া ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমৰ সাংস্কৃতিক সুৰক্ষা আৰু ভাৰতৰ অখণ্ডতাৰ বাবে অসম ভাৰতৰ অংশ হোৱাৰ সপক্ষে মত পোষণ কৰিছিল। যি সময়ত অসমক পূব পাকিস্তানৰ হাতত এৰি দিয়াৰ কৌশল ৰচনা কৰা হৈছিল, সেই সময়ত অসম আৰু অসমীয়াৰ সপক্ষে থকা মুষ্টিমেয় নেতাসকলৰ ভিতৰত অন্যতম আছিল তেখেত।
অকল সেয়াই নহয়, অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হোৱাৰ আঁৰত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান অনন্য। তথ্য অনুসৰি ড° মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণৰ বছৰটোতে ১৯৩৪ চনত অসমৰ স্বনামধন্য শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ স্তৰত পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰিছিল। ১৯৩৭ চনত ড° বিৰিঞ্চি কুমাৰ বৰুৱাই উক্ত বিশ্ববিদ্যালয়ত পালিভাষাৰ অংশকালীন অধ্যাপক ৰূপে যোগ দিয়ে আৰু ১৯৩৮ চনত উপাচাৰ্য ড° মুখাৰ্জীদেৱে তেখেতক ML (Modern Language)ৰ অধ্যাপক ৰূপে নিযুক্তি দিয়ে। কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ১৯৩৮ চনৰ পৰা মেট্ৰিক পৰ্যায়ত শিক্ষাদানৰ মাধ্যমৰূপে প্ৰাদেশীক ভাষাসমূহ ব্যৱহাৰত অনুমতি দিছিল আৰু বাংলাৰ পৰিৱৰ্তে অসমত অসমীয়া মাধ্যমত শিক্ষাৰ পোষকতা কৰিছিল।
ড° শ্যামা প্ৰসাদ মুখাৰ্জী এনে এগৰাকী ব্যক্তি, যাৰ কৰ্মযজ্ঞ কেৱল এখন ৰাজ্যতে সীমাবদ্ধ নাছিল। আমি সকলোৱে জানো কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অসম--- দেশৰ প্ৰতিটো প্ৰান্তক তেখেতে একত্ৰিত কৰিছিল। গতিকে তেখেতক কোনো ৰাজ্যৰ গণ্ডীৰ মাজত আবদ্ধ নাৰাখি একাংশই আৰম্ভ কৰা অযথা বিতৰ্কৰ ইয়াতেই অৱসান ঘটাই আমি দেশৰ এগৰাকী মহান ব্যক্তিক সন্মান জনোৱা উচিত আৰু লগতে অসমৰ উন্নয়ন যাত্ৰাক ইতিবাচক চিন্তাৰে আগুৱাই নিয়া উচিত। যিদৰে পশ্চিম বংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আসন আছে, ৰাজধানী দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত পথ আছে, ঠিক তেনেদৰেই অসমতো দেশৰ আন প্ৰান্তত জন্ম লাভ কৰা অসম হিতৈষীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাটো এক যুক্তিসন্মত পদক্ষেপ।