Voice of CM

Voice of CM voice of CM

আকুলতা ভৰা নিভাঁজ মৰমৰ সান্নিধ্যত মামা-ভাগিনৰ মুহূৰ্ত এটিক ধৰি ৰখাৰ প্ৰয়াস ❤️Moments of sheer joy ❤️
04/09/2025

আকুলতা ভৰা নিভাঁজ মৰমৰ সান্নিধ্যত মামা-ভাগিনৰ মুহূৰ্ত এটিক ধৰি ৰখাৰ প্ৰয়াস ❤️

Moments of sheer joy ❤️

04/09/2025

বাচ্চা আল্লাহে নিদিয়ে।

অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত আমি নিৰৱচ্ছিন্নভাৱে অতি সচেতনতাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ অসমৰ ভূমিত অবৈধভাৱে প্ৰৱেশ কৰা বাংল...
04/09/2025

অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত আমি নিৰৱচ্ছিন্নভাৱে অতি সচেতনতাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ অসমৰ ভূমিত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰি ওভতাই পঠিয়াই আছে৷ বৰপেটাত ১৩জন বাংলাদেশী নাগৰিকক আটক কৰি নিজৰ ঠাইলৈ ওভতাই পঠিওৱা হৈছে৷

অসম আৰক্ষীৰ কৰ্মৰ শলাগ ল'লোঁ৷

While some deal with Kangaroos, we have to deal with ....

Anyway, our vigil remains strong as we have PUSHED BACK another 13 illegal infiltrators, who were apprehended in Barpeta, back to Bangladesh.

We will keep a strong eye and ensure every illegal infiltrator is pushed back.

প্ৰসিদ্ধ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত ৰাজ্যিক ক্...
03/09/2025

প্ৰসিদ্ধ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। যি সময়ত অসমত পেছাদাৰী ক্ৰীড়াৰ বিশেষ অস্তিত্বই নাছিল, তেনে সময়তে এছিয়ান গেমছত স্বর্ণ জয় কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰত সোণালী অধ্যায়ৰ সূচনা কৰা অর্জুন ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ ক্রীড়াবিদসকলৰ বাবে প্ৰেৰণাৰ এক অমল উৎস।

মহান ক্রীড়াবিদগৰাকীৰ অনন্য কৃতি আৰু ৰাজ্যৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সৰুসজাই ক্রীড়া প্রকল্পক আজি অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প নামেৰে নামকৰণ কৰি আমি ধন্য হৈছোঁ৷ জীৱন্ত অৱস্থাতে এগৰাকী স্বনামধন্য ক্ৰীড়াবিদক জনোৱা যথাৰ্থ সন্মান জনোৱা এই ঐতিহাসিক পদক্ষেপে নিঃসন্দেহে ৰাজ্যৰ নৱ-প্ৰজন্মৰ ক্রীড়া উৎসাহীসকলক যথেষ্ট অনুপ্রাণিত কৰিব।

ক্ৰীড়া দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি আজি ক্ৰীড়া খণ্ডৰ নিযুক্তি-পত্ৰ বিতৰণ, ক্ৰীড়া পেঞ্চন, ৰাজ্যিক ক্ৰীড়া বঁটা, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ নাম উজলোৱা বহুকেইগৰাকীক খেলুৱৈক আৰ্থিক পুৰস্কাৰ তথা সম্বৰ্ধনা জনোৱাৰ লগতে বহুকেইটা কাৰ্যসূচীও ৰূপায়ণ কৰা হয়৷

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Voice of CM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share