অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰা, গুৱাহাটী-২২

  • Home
  • India
  • Guwahati
  • অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰা, গুৱাহাটী-২২

অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম 
খানাপাৰা, গুৱাহাটী-২২ Assam Livestock and Poultry Corporation Ltd. is a Govt. of Assam undertaking organisation.

ইং ১১/৩/২৬ তাৰিখে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা  ছয়মাইল জুৰিপাৰত  নিৰ্মিত এক বিক্ৰিকেন্দ্ৰ  আনুষ্ঠানিক ভাবে মু...
12/03/2026

ইং ১১/৩/২৬ তাৰিখে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা ছয়মাইল জুৰিপাৰত নিৰ্মিত এক বিক্ৰিকেন্দ্ৰ আনুষ্ঠানিক ভাবে মুকলি কৰে নিগমৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়াই ডাঙৰীয়াই।অসম পশুধন নিগমে লুইত গ্ৰীনছ নামৰ এক অনুষ্ঠানৰ জৰিয়তে এই বিক্ৰি কেন্দ্ৰটো মুকলি কৰে । এই অনুষ্ঠানত অসম পশুধন নিগমৰ পৰিচালন সঞ্চালক শ্ৰী অনিল চন্দ্ৰ দেউৰী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক শ্ৰীমতী পাঞ্চালী কাকতি,ৰাজ্যিক তথ্য আয়োগৰ সচিব শ্ৰী অতুল শৰ্মা,পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অতিৰিক্ত আয়ুক্ত ডাঃ গৰ্গমোহন দাস, পশুপালন বিভাগৰ যুটীয়া সচিব শ্ৰীমতী দিপালী দেৱী, অসম গৌৰৱ ড৹ পঙ্কজ লাল গগৈ লগতে নিগমৰ বিষয় ববিয়া সকল উপস্থিত থাকে ।
Animal Husbandry and Veterinary Department, Assam
Krishnendu Paul
Manoj Saikia মনোজ শইকীয়া
Following

ইং ২৫ আৰু ২৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে অসম পশুধন আৰু হাহঁ-কুকুৰা নিগমৰ প্ৰেক্ষাগৃহত বৈজ্ঞানিক ভিত্তিক পশু পালন আৰু হাঁহ-কু...
27/02/2026

ইং ২৫ আৰু ২৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে অসম পশুধন আৰু হাহঁ-কুকুৰা নিগমৰ প্ৰেক্ষাগৃহত বৈজ্ঞানিক ভিত্তিক পশু পালন আৰু হাঁহ-কুকুৰা পালনৰ দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন ঠাইৰ উদ্যোমি প্ৰশিক্ষাৰ্থীয়ে ‌অংশগ্ৰহণ কৰে । এই প্ৰশিক্ষণ কাৰ্যসূচীত নিগমৰ অধ্যক্ষ মাননীয় শ্ৰী মনোজ শইকীয়া ডাঙৰীয়া, অসম পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা নিগমৰ পৰিচালন সঞ্চালক শ্ৰী অনিল চন্দ্ৰ দেউৰী ডাঙৰীয়া, অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য ডাঙৰীয়া আৰু নিগমৰ বিষয়াসকল উপস্হিত থাকে।এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Husbandry and Veterinary Department, Assam
Paul
Saikia মনোজ শইকীয়া

পশুপালন আৰু পশুচিকিৎসা বিভাগৰ দ্বাৰা নিৰ্মিত আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা পৰিচালিত খানাপাৰা ফাৰ্মগেট স্থিত...
26/02/2026

পশুপালন আৰু পশুচিকিৎসা বিভাগৰ দ্বাৰা নিৰ্মিত আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা পৰিচালিত খানাপাৰা ফাৰ্মগেট স্থিত বাণিজ্যিক কেন্দ্রটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ।
Animal Husbandry and Veterinary Department, Assam
Krishnendu Paul
Manoj Saikia মনোজ শইকীয়া
fans

আজি ২৫ ফেব্ৰুৱাৰী,2026 তাৰিখে  গুৱাহাটীৰ খানাপাৰত অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধিনত নিৰ্মান কৰা আৰু অসম পশু...
25/02/2026

আজি ২৫ ফেব্ৰুৱাৰী,2026 তাৰিখে গুৱাহাটীৰ খানাপাৰত অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধিনত নিৰ্মান কৰা আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালনাত এক অত্যাধুনিক বানিজ্যিক কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।
এই বানিজ্যিক কেন্দ্ৰটোত স্বাস্থ্যসন্মত বিভিন্ন ধৰণৰ স্বাস্থ্যসন্মত মাংস, কণী, দুগ্ধজাত সামগ্ৰী, ক্লিনিক, ঔষধ, পশুখাদ্য আদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী ভাষণ দি অধ্যক্ষ শইকীয়াই কয় যে, এই বানিজ্য কেন্দ্ৰৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পশুপালক আৰু গ্ৰাহকসকল উপকৃত হ’ব পাৰিব। পশুপালন বৃত্তি আত্মনিৰ্ভৰশীলতাৰ উত্তম পথ বুলি উল্লেখ কৰি কণী, গাখীৰ,গাহৰি, ছাগলী উৎপাদনৰ জৰিয়তে ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যৰ বজাৰ দখল কৰিব পাৰিলে অসমৰ যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ৰাজ্যখনক অৰ্থনৈতিক ভাৱে শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমৰ যি বাস্তৱিক লক্ষ্য তাৰেই এই বানিজ্যিক কেন্দ্ৰটো অংশ বুলি উল্লেখ কৰি অধ্যক্ষ শ্ৰী মনোজ শইকীয়াই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি পশুপালনৰ জৰিয়তে স্বাৱলম্বীকৰণত গুৰুত্ব আৰোপ কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভনন, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, অসম পশুধন নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

যোৱা ইং ১৬/১২/২০২৫ তাৰিখে কামৰূপ জিলাৰ গড়ভংগাত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত বিজ্ঞানসন্মত পশুপালন প্ৰশিক্ষণ আ...
19/12/2025

যোৱা ইং ১৬/১২/২০২৫ তাৰিখে কামৰূপ জিলাৰ গড়ভংগাত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত বিজ্ঞানসন্মত পশুপালন প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, অসম পশুধন নিগমৰ মাননীয় অধ্যক্ষ শ্ৰীযুত মনোজ শইকীয়া ডাঙৰীয়া, নিগমৰ পৰিচালন সঞ্চালক শ্ৰীযুত অনিল চন্দ্ৰ দেউৰী আৰু ৰাণী খণ্ড পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰী লগতে নিগমৰ পশু চিকিৎসক আৰু অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।
Animal Husbandry and Veterinary Department, Assam

29/10/2025

অহা ই‌ং ১১আৰু ১২ নবেম্বৰ ২০২৫ তাৰিখে "অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম
খানাপাৰা, গুৱাহাটী-২২" প্ৰেক্ষাগৃহত পশুপালন( হাহঁ, কুকুৰা, গাহৰি, ছাগলী আৰু দুগ্ধ উৎপাদন)সম্পৰ্কীয় দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ ইচ্ছুক লোক সকলক তলত দিয়া ফোন নম্বৰত ০৮.১১.২৫ তাৰিখৰ ভিতৰত নামভৰ্তিৰ বাবে যোগাযোগ কৰিব পাৰিব ।
যোগাযোগ নম্বৰ - 99543 87057, 9365286305.

Animal Husbandry and Veterinary Department, Assam
Manoj Saikia মনোজ শইকীয়া

ইং ১৫ আৰু ১৬ অক্টোবৰ তাৰিখে অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰাৰ প্ৰেক্ষাগৃহত বৈজ্ঞানিক ভিত্তিক পশু পালন আৰু হাঁহ-কু...
17/10/2025

ইং ১৫ আৰু ১৬ অক্টোবৰ তাৰিখে অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰাৰ প্ৰেক্ষাগৃহত বৈজ্ঞানিক ভিত্তিক পশু পালন আৰু হাঁহ-কুকুৰা পালনৰ দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন ঠাইৰ উদ্যোমি প্ৰশিক্ষাৰ্থীয়ে ‌অংশগ্ৰহণ কৰে । এই প্ৰশিক্ষণ কাৰ্যসূচীত নিগমৰ অধ্যক্ষ মাননীয় শ্ৰী মনোজ শইকীয়া ডাঙৰীয়া, নিগমৰ উপাধ্যক্ষ শ্ৰী পৰেশ বৰকাকতী ডাঙৰীয় আৰু অসম পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা নিগমৰ পৰিচালন সঞ্চালক শ্ৰী অনিল চন্দ্ৰ দেউৰী ডাঙৰীয়া উপস্হিত থাকে।এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Animal Husbandry and Veterinary Department, Assam
fans

আজি সমন্বিত ছাগলী উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়া ডাঙৰীয়া...
21/03/2025

আজি সমন্বিত ছাগলী উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়া ডাঙৰীয়া, মহা প্ৰবন্ধক ডা° পূৰ্ণানন্দ কোঁৱৰ দেৱৰ সৈতে সৌহাদ্যপূৰ্ণ আলোচনা মিলিত হয় ৷ এই আলোচানাত অসমৰ ছাগলী পালক আৰু ছাগলীৰ উন্নয়নৰ লগতে নিগমৰ উদ্যোগত বিজ্ঞানসন্মত আৰু ব্যৱসায়িক প্ৰশিক্ষণ আৰু আন্ত:গাঁঠনি উন্নয়নৰ এক সুদুৰপ্ৰসাৰী সিদ্ধান্তত উপনিত হয় ৷
Animal Husbandry and Veterinary Department, Assam
Manoj Saikia মনোজ শইকীয়া Krishnendu Paul
CMO Assam

“এডভাণ্টেজ আছাম (Advantage Assam)২.o” ৰ অংশ হিচাপে অনুষ্ঠিত “B2B আৰু G2B" শীৰ্ষক কাৰ্য্যসূচীত অসম পশুধন আৰু হাহঁ-কুকুৰা ...
26/02/2025

“এডভাণ্টেজ আছাম (Advantage Assam)২.o” ৰ অংশ হিচাপে অনুষ্ঠিত “B2B আৰু G2B" শীৰ্ষক কাৰ্য্যসূচীত অসম পশুধন আৰু হাহঁ-কুকুৰা নিগমৰ বিষয়া সকলে অংশগ্ৰহণ কৰা কিছু মুহুৰ্ত।
Manoj Saikia মনোজ শইকীয়া
Krishnendu Paul
Himanta Biswa Sarma
Animal Husbandry and Veterinary Department, Assam

13/01/2025

Address

Guwahati

Alerts

Be the first to know and let us send you an email when অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰা, গুৱাহাটী-২২ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share