Meghali Bora Talukdar

Meghali Bora Talukdar ৰাইজৰ হকে মই সদায় এখোজ আগত

আজি সন্ধিয়া গুৱাহাটীত শ্রদ্ধাৰ ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে এখন নতুন উৰণ সেতু উদ্বোধন কৰিবলৈ গৈ আছে। বহুতেই প্রশ্ন...
22/05/2026

আজি সন্ধিয়া গুৱাহাটীত শ্রদ্ধাৰ ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে এখন নতুন উৰণ সেতু উদ্বোধন কৰিবলৈ গৈ আছে। বহুতেই প্রশ্ন কৰিব পাৰে যে গুৱাহাটীৰ এখন উৰণ সেতুৰ নাম ড° এছ পি মুখাৰ্জীৰ নামেৰে কিয় ৰখা হৈছে! এই প্রশ্নৰ উত্তৰত কিছু কথা-- যাক অল্পসংখ্যক মানুহেহে জানে, কিন্তু অসমৰ সকলোৱে জনা উচিত।

১৯৪৭ চনত যেতিয়া দেশ বিভাজন আৰু সীমাৰেখাক লৈ প্ৰশ্নময় পৰিৱেশৰ সৃষ্টি হৈ আছিল, মুছলিম লীগে কলিকতা আৰু সমগ্ৰ উত্তৰ-পূবকে ধৰি সমগ্ৰ বংগক পূব পাকিস্তানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। তেওঁলোক সফল হোৱা হ'লে আজি ভাৰতত অসম নাথাকিলহেঁতেন।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে সেয়া হ'বলৈ দিবলৈ অস্বীকাৰ কৰিছিল। শ্রদ্ধাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু অন্যান্যসকলৰ সৈতে তেওঁ অসমক ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে ৰখাৰ বাবে ৰাজনৈতিক আৰু বৌদ্ধিক সংগ্ৰামত নেতৃত্ব দিছিল। তেওঁ মুছলিম লীগৰ অহিত উদ্দেশ্য আৰু অসমৰ ওপৰত ইয়াৰ প্ৰভাৱ বুজি পাইছিল।

অসমলৈ তেখেতৰ অৱদান ভৌগোলিক গণ্ডীৰ বহু ঊর্ধ্বত আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্বৰত সময়ত তেখেতে অসমৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সৈতে মিলি অসমীয়া ভাষা অধ্যয়নৰ দিশত উদগনি যোগাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। সেই সময়ত এই চিন্তা আন কোনেও কৰা নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, তেখেতে অসমক ভাৰতীয় স্বকীয় ধাৰণাৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰিছিল। এক প্ৰান্তীয় ক্ষেত্র বা পাহৰণিৰ গর্ভত থকা এটি কোণ হিচাপে নহয়, অসম তথা উত্তৰ-পূবৰ জনসাধাৰণ, ভাষা আৰু ভূমি ভাৰতী আইৰ পৰা পৃথক কৰিব নোৱৰা এক বিশেষ বিষয় হিচাপে স্বীকৃতি দিবলৈ সদায় প্রয়াস কৰিছিল। আমাৰ আজিৰ অসমক ৰক্ষা কৰাত তেখেতেৰ ভূমিকা সদায় স্মৰণীয়।

অসমৰ প্ৰত্যেকেই বিশেষকৈ নৱপ্ৰজন্মৰ সকলোৱে জনা উচিত যে আজি আমি নিজকে ভাৰতীয় বুলি গৌৰৱ কৰি নিজ মাতৃভূমিত থাকিবলৈ সক্ষম হোৱাৰ বাবে শ্রদ্ধাৰ এছ পি মুখাৰ্জী আৰু গোপীনাথ বৰদলৈৰ দৰে মহান ব্যক্তিত্বৰ ওচৰত চিৰঋণী।

আজিৰ পৰা যেতিয়া যাত্ৰীসকলে গুৱাহাটীৰ উৰণ সেতুখনিৰ ওপৰেৰে ভ্রমণ কৰিব, তেওঁলোকৰ অভিজ্ঞতা কেৱল এখন সেতু পাৰ হোৱাতেই সীমাবদ্ধ হৈ নাথাকিব, বৰং তাতকৈ অধিক হ'ব। কৃতজ্ঞ অসমবাসী হিচাপে অসম ৰক্ষাত অগ্রণী ভূমিকা গ্রহণ কৰা শ্রদ্ধাৰ মুখার্জীদেৱলৈ জনোৱা কৃতজ্ঞতাৰো এক অংশ হৈ পৰিব।

সংগ্ৰহ - Himanta Biswa Sarma

22/05/2026

এম্বুলেন্সৰ বাবে প্ৰয়োজন এক সুকীয়া লেনৰ । আপোনালোকৰ মতামত কমেন্টত জনাওক আৰু সজাগতা সৃষ্টিৰ বাবে শ্বেয়াৰ কৰক।

22/05/2026

লালগণেশৰ নৱনিৰ্মিত শ্যামা প্ৰসাদ মুখাৰ্জী উৰণ সেতুৰ আটকধুনীয়া দৃশ্য। আজি মুকলি হ’ব চাইকেল ফেক্টৰী-লালগণেশ সংযোগী উৰণ সেতু। সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব উৰণ সেতুখন। সজাই-পৰাই তোলা হৈছে উৰণ সেতুখন।


আজি আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস। বনজ কিম্বা জলজ সম্পদেৰে ভৰপূৰ অসমৰ জৈৱ-বৈচিত্ৰ্য আমাৰ বাবে আশীৰ্বাদস্বৰূপ। আমাৰ চৌপা...
22/05/2026

আজি আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস। বনজ কিম্বা জলজ সম্পদেৰে ভৰপূৰ অসমৰ জৈৱ-বৈচিত্ৰ্য আমাৰ বাবে আশীৰ্বাদস্বৰূপ। আমাৰ চৌপাশৰ অনন্য জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ স্বাৰ্থত কাম কৰি যাবলৈ আমি সকলোৱেই সদা দায়বদ্ধ।

আহক, আজিৰ এই বিশেষ ক্ষণত প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত পুনৰ এবাৰ সংকল্পবদ্ধ হওঁ।

21/05/2026

🙏🙏

21/05/2026

মই ভাগৰা নাই ....
আমাৰ এলেকাৰ বানপানী আৰু কৃত্ৰিম জলাবদ্ধতাৰ স্থায়ী সমাধানৰ বাবে দীৰ্ঘদিন ধৰি চলাই অহা যি প্ৰচেষ্টা তাৰে সৰুমতৰীয়া ৯ নম্বৰ আৰু ১০ নম্বৰ বাইলাইনৰ এক চমু নমুনা দেখুৱালো।।।

নমস্কাৰ, মই দীৰ্ঘদিনৰ পৰা চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ ওচৰত আমাৰ সমাজৰ বিভিন্ন অভাৱ-অভিযোগ আৰু সৰু-বৰ সমস্যাবোৰক লৈ মাত ম...
21/05/2026

নমস্কাৰ, মই দীৰ্ঘদিনৰ পৰা চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ ওচৰত আমাৰ সমাজৰ বিভিন্ন অভাৱ-অভিযোগ আৰু সৰু-বৰ সমস্যাবোৰক লৈ মাত মাতি আহিছোঁ।
সুখৰ কথা যে মোৰ এই প্ৰচেষ্টাক আপোনালোক সকলোৱে সদায় সমৰ্থন কৰি আহিছে।

অলপতে, জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ আৰু মূল পথসমূহত একাংশ লোকে **ধান-মাকৈ শুকুওৱাক লৈ যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে**, তাক মই আন্তৰিকতাৰে ধন্যবাদ আৰু আদৰণি জনাইছোঁ। প্ৰশাসনৰ এই সময়োপযোগী ব্যৱস্থাৰ এটা ভিডিঅ’ মই দেখিছোঁ আৰু ই সঁচাকৈয়ে প্ৰশংসনীয়। মোৰ ফেচবুকৰ কমেন্ট বক্সতো অসংখ্য সচেতন নাগৰিকে এই বিপদজনক প্ৰথাটো বন্ধ কৰিবলৈ দাবী জনাইছিল।

প্ৰশাসনক মই অনুৰোধ জনাওঁ— কেৱল ডাঙৰ ডাঙৰ আঁচনিতে সীমাবদ্ধ নাথাকি, এনেকুৱা সৰু যেন লগা কিন্তু অত্যন্ত বিপজ্জনক সমস্যাবোৰৰ ওপৰতো যাতে সদায় চোকা নজৰ ৰখা হয়। কাৰণ এনে সৰু আওকাণ কৰা কথাবোৰৰ বাবেই বহুতৰে মূল্যৱান জীৱন হেৰাই যায়।

আজি এই বিষয়টোৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ আৰু কেইটামান জৰুৰী সমস্যাৰ ওপৰত মই চৰকাৰ, পৰিবহণ বিভাগ আৰু সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ:

১/ পথত গৰু-ছাগলীৰ বিচৰণ আৰু নৈশ দুৰ্ঘটনা:
ধান শুকুৱাৰ দৰেই আন এক স্পৰ্শকাতৰ সমস্যা হৈছে হাইৱে বা মূল পথসমূহত গৰু-ছাগলী মুকলিকৈ মেলি দিয়া। দিনৰ ভাগতকৈও গধূলি সময়ত যেতিয়া এই পোহনীয়া জন্তুবোৰ ঘৰমুৱা হয়, তেতিয়া হাইৱেত তীব্ৰবেগী গাড়ীৰ সন্মুখত হঠাৎ আহি দিয়ে আৰু কম পোহৰৰ ফলত চালকসকলে দূৰৰ পৰা দেখা নাপায় আৰু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ ফলত মানুহৰ প্ৰা/ণহা/নি হোৱাৰ লগতে অবোধ জীৱ-জন্তুবোৰো কৰুণভাৱে মৃ/ত্যু মুখত পৰিছে। নিজৰ পোহনীয়া জীৱ-জন্তু ৰাজহুৱা পথলৈ এৰি নিদিয়ে, তাৰ বাবে চৰকাৰে কঠোৰ নিয়ম কৰা উচিত।

২/ বাট-পথত পৰ্যাপ্ত পোহৰ (Street Light)ৰ অভাৱ:
জনসাধাৰণে নিয়মিত কৰ (Tax) দিয়াৰ পিছতো নিশাৰ ভাগত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ আন্ধাৰ হৈ থকাটো দুৰ্ভাগ্যজনক। পৰ্যাপ্ত ষ্ট্ৰীট লাইট নথকাৰ বাবে নিশাৰ ভাগত অপৰাধ আৰু দুৰ্ঘটনা বহুত বাঢ়ি গৈছে। আন্ধাৰৰ বাবে ৰৈ থকা ট্ৰাক আদি নেদেখি বহু ডাঙৰ দুৰ্ঘটনা হৈছে। হাইৱেসমূহত পোহৰৰ সুব্যৱস্থা কৰাটো চৰকাৰৰ অন্যতম প্ৰধান কৰ্তব্য।

৩/ বেআইনী LED লাইটৰ সন্ত্ৰাস:
বহু লোকে নিজৰ গাড়ীত বেআইনীভাৱে অতি প্ৰখৰ এল.ই.ডি. (LED) হেডলাইট ব্যৱহাৰ কৰে। ইয়াৰ বাবে বিপৰীত দিশৰ পৰা অহা চালকজনৰ চকু চাঁত মাৰি পৰে, যিটো বৰ্তমান সময়ত নিশাৰ দুৰ্ঘটনাৰ এটা প্ৰধান কাৰণ। পৰিবহণ বিভাগক অনুৰোধ— হাইৱেসমূহত নিশাটো তন্ন তন্নকৈ চেকিং কৰি এনে বেআইনী লাইট থিতাতে খুলি দিয়া বা গধুৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰক।

৪/ ৰোড টেক্স বনাম পাৰ্কিং মাচুলৰ খেলিমেলি:
আমি যেতিয়া এখন গাড়ী কিনিবৰ সময়তে পঞ্জীয়নৰ নামত ইতিমধ্যে ১৫ বছৰৰ ‘ৰোড টেক্স’ আৰু ‘পাৰ্কিং টেক্স’ দি দিওঁ, তেন্তে পৰৱৰ্তী সময়ত ৰাজপথৰ কাষত ক’ৰবাত গাড়ীখন অলপ সময়ৰ বাবে ৰখালে পুনৰ কিয় পাৰ্কিং মাচুল ল’বলৈ পৌৰ নিগমে ল’ৰা পঠিয়াই দিয়ে? এই দুমুখীয়া টেক্স নীতি বন্ধ হ’ব লাগে।

৫/ টোল গেটৰ যান-জঁট আৰু পথৰ দুৰৱস্থা:
টোল টেক্স লোৱাৰ পিছতো টোল গেটসমূহত কিয় দীঘলীয়া যান-জঁট ? বহিঃৰাজ্য বা বিদেশৰ দৰে আমাৰ ইয়াতো ‘ফ্ৰী-ফ্ল’ বা সম্পূৰ্ণ স্বয়ংক্ৰিয় খৰতকীয়া ব্যৱস্থা কিয় নহয়,
য’ত জৰুৰীকালীন অৱস্থাত এম্বুলেন্স আদি সহজে পাৰ হৈ যাব পাৰে? তাতকৈ ডাঙৰ কথা, ইমান টোল দিয়াৰ পিছতো পথবোৰত কিয় ইমান jumping কৰি থাকে?

৬/ গুৱাহাটীৰ যান-জঁট আৰু এম্বুলেন্সৰ বাবে সুকীয়া লেন
ট্ৰেফিক পইণ্ট বা টাৰ্নিংবোৰত চালকসকলৰ সজাগতাৰ অভাৱ আৰু ভুলকৈ গাড়ী ৰখোৱাৰ বাবে মহানগৰীত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। আটাইতকৈ চিন্তনীয় কথাটো হ’ল— জৰুৰীকালীন সেৱা যেনে এম্বুলেন্স আদিও এই ট্ৰেফিকত আৱদ্ধ হৈ পৰে। এম্বুলেন্সৰ বাবে পথত এটা সুকীয়া লেন (Ambulance Lane) থাকিব লাগে, য’ত আন কোনো গাড়ী সোমাব নোৱাৰিব। জীৱন ৰক্ষা কৰাতকৈ জৰুৰী একো হ’ব নোৱাৰে।

৭/ শব্দ প্ৰদূষণ আৰু ভিআইপি (VIP) চাইৰেন সংস্কৃতি:
অকাৰণত Horn বজোৱাৰ ফলত মানুহৰ মানসিক অশান্তি, হাৰ্ট আৰু ব্ৰেইনৰ সমস্যা বাঢ়িছে। পৰীক্ষামূলকভাৱে অন্ততঃ এমাহৰ বাবে Horn নবজোৱাৰ নিয়ম কৰিব লাগে আৰু নিয়ম ভাঙিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰিব লাগে। লগতে, কোনো মন্ত্ৰী বা উচ্চ বিষয়া আহিলে সাধাৰণ ৰাইজক ট্ৰেফিকত আৱদ্ধ কৰি চাইৰেন বজাই যোৱা ভিআইপি সংস্কৃতি বন্ধ হ’ব লাগে। এম্বুলেন্সতকৈ জৰুৰী ভিআইপি কোনো হ’ব নোৱাৰে।

আমাৰ ৰাজ্যখনত ডাঙৰ ডাঙৰ দলং, উৰণ সেতু বা বিমানকোঠ নিৰ্মাণৰ জৰিয়তে বিকাশ হৈছে— এই কথা মই স্বীকাৰ কৰোঁ আৰু আদৰণি জনাওঁ। কিন্তু দৈনন্দিন জীৱনৰ এই সৰু সৰু, মৌলিক সমস্যাবোৰ সমাধান নহ’লে প্ৰকৃত বিকাশ কেতিয়াও সম্ভৱ নহয়। ৰাইজে চৰকাৰক বিশ্বাস কৰি ভোট দিছে, গতিকে এই ৫ বছৰীয়া কাৰ্যকালত এই জ্বলন্ত সমস্যাসমূহ সমাধান কৰাটো নতুন পৰিবহণ মন্ত্ৰী মহোদয় আৰু চৰকাৰৰ নৈতিক কৰ্তব্য।
এই সন্দৰ্ভত আপোনালোক সচেতন ৰাইজৰ মতামত কি? কমেন্টত নিশ্চয় জনাব।
Himanta Biswa Sarma Charan Boro

ষষ্ঠদশ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে পুনৰ নিৰ্বাচিত হোৱাত শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক আন্তৰ...
21/05/2026

ষষ্ঠদশ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে পুনৰ নিৰ্বাচিত হোৱাত শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক আন্তৰিক অভিনন্দন। 💐
এক সফল আৰু গৌৰৱময় কাৰ্যকালৰ বাবে শুভকামনা। 🤝

Ranjeet Kumar Dass

বৰ সহজ - সৰল। অকল কামেৰে মন জয় কৰে।।
21/05/2026

বৰ সহজ - সৰল। অকল কামেৰে মন জয় কৰে।।

21/05/2026

"মোৰ husband এজন ড্ৰাইভাৰ ।।
বাহিৰত তেওঁ ড্ৰাইভিং কৰে ঠিকেই, কিন্তু ঘৰলৈ আহি এনেকুৱা এটা ভাৱ দেখুৱায় যেন এই পৃথিৱীত তেওঁতকৈ ডাঙৰ কাম কোনেও কৰা নাই! 🚘"
বিজুলীয়ে কৈ গৈছে বহু কথা ।।।।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Meghali Bora Talukdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category