সদৌ অসম গৰীয়া জাতীয় পৰিষদ

  • Home
  • India
  • Guwahati
  • সদৌ অসম গৰীয়া জাতীয় পৰিষদ

সদৌ অসম গৰীয়া জাতীয় পৰিষদ পঞ্জীয়নকৃত গৰীয়া জনগোষ্ঠীয় সংগঠন
(1)

অভিনন্দন
24/06/2026

অভিনন্দন

সদ্যমাতৃহাৰা শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ চেলেংহাট লুখুৰাখন বাসগৃহত আজি সদৌ অসম গৰীয়া জাতী...
06/06/2026

সদ্যমাতৃহাৰা শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ চেলেংহাট লুখুৰাখন বাসগৃহত আজি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ এটি সজাতি দল উপস্থিত হয় আৰু প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ বাবে এক শোক বাৰ্তা মাননীয় বিধায়ক গৰাকীক অৰ্পণ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

আজি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে চামগুৰি যুৱসমাজৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত সুলেখক, অ...
01/06/2026

আজি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে চামগুৰি যুৱসমাজৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত সুলেখক, অভিনেতা- নাট্যকাৰ, ক্ৰীড়াবিদ -খেলুৱৈ,ধৰ্ম নিৰপেক্ষতাবাদী, সমাজ সংগঠক বিপ্লৱী, চিকিৎসক শ্ৰদ্ধাৰ মছউদুল হক দেৱক সমাজলৈ আগবঢ়োৱা তেখেতৰ গৌৰৱময় অৱদানৰ বাবে সম্বৰ্ধনা জনায়৷ উক্ত অনুষ্ঠানত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভা পতি নেকিবুল হক, সাধাৰণ সম্পাদক মুকিবতদ্দিন আহমেদ, কাৰ্যকৰী সভাপতি ৰিয়াজ আহমেদ, উপ সভাপতি নেকিব আহমেদ, সাংস্কৃতিক সম্পাদক আচাবুদ্দিন বৰবৰুৱা, শিমলুগুৰিৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মুকি বৰবৰুৱা, নাজিৰা সম জিলাৰ সাধাৰণ সম্পাদক নাচিৰুদ্দিন আহমেদৰ উপৰিও শিৱসাগৰ জিলা সমিতিৰ বহু সদস্যৰ লগতে স্হানীয় বহু কেইজন গন্য মান্য ব্যক্তি উপস্থিত আছিল৷

30/05/2026

শিৱসাগৰ চহৰৰ দাঁতিকাষৰীয়া মেৰবিল পথাৰত বৰপেটাৰ চৰৰ পৰা আহি মিঞা লোকে কিনিছে ম্যাদীপট্টাৰ মাটি৷ শিৱসাগৰ সদৰ ৰাজহচক্ৰ কাৰ্যালয়ৰ মণ্ডল আৰু শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ উমৈহতীয়া মিঞা প্ৰীতিৰ বাবে বিঘাই বিঘাই ম্যাদীপট্টাৰ মাটি গৈছে মিঞাৰ হাতলৈ৷ আজি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অধিবক্তা ৰিয়াজুউদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মুকিবতদ্দিন আহমেদ এই কথা সংবাদ মেলযোগে ৰাজহুৱা কৰি অতিসোনকালে বিক্ৰী হোৱা মাটিৰ মালিকীস্বত্ব স্থানান্তৰিত কৰণৰ আদেশ বাতিল কৰিবলৈ জিলা আয়ুক্তক দাবী জনায়৷
Himanta Biswa Sarma
CMO Assam

19/05/2026
আজি শিৱসাগৰ চহৰৰ হোটেল বি জি পেলেচত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি অধিবক্তা মইনুল ইছলাম ডাঙৰীয়াৰ উপস্থিতিত শি...
16/05/2026

আজি শিৱসাগৰ চহৰৰ হোটেল বি জি পেলেচত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি অধিবক্তা মইনুল ইছলাম ডাঙৰীয়াৰ উপস্থিতিত শিৱসাগৰ আৰু নাজিৰা জিলা সমিতিৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা (CBSE) ত উন্নত পদৰ্শন কৰা তানিছা ইয়াছমিনক সম্বৰ্ধনা জনোৱাৰ লগতে শিৱসাগৰৰ অধিবক্তা ৰিয়াজুদ্দিন আহমেদক শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়৷

Himanta Biswa Sarma CMO Assam
11/05/2026

Himanta Biswa Sarma
CMO Assam

21/04/2026

১৮ এপ্ৰিলত হজযাত্ৰী সকল এনে অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব লগা কাৰ্য অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য ৷ আমি উত্তৰ পূৰ্বাঞ্চল হজ সমিতিৰ দায়িত্বহীন মনোভাৱক গৰিহণা দিছো ৷

19/04/2026

সৃষ্টিকৰ্তাৰ অপূৰ্ব সৃষ্টি৷ সন্মুখত শ্ৰোতাৰ সংখ্যা তাকৰ আৰু আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন দাৰ এটা বিখ্যাত হামিং ৷ ৰাতিটোৰ ভিতৰতে শিৰোনামা দখল আৰু জুবিন প্ৰেমী সকলোৰে চকু......,

সৃষ্টিকৰ্তাই কেতিয়া কাক কোন স্থানলৈ লৈ যায় মনুষ্যৰ বাবে কল্পনাতীত৷ ৰাইজৰ এই মৰম, ভালপোৱাক আৰ্শীবাদ হিচাপে লৈ নিজৰ কাম নিষ্ঠাৰে কৰি যোৱা ৰহিম৷
আমি ৰহিম ৰাজলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ ৷ কেৱল হামিঙেৰে নহয় প্ৰাণৰ শিল্পী গৰাকীৰ অহংকাৰ বিহীন সাধাৰণ জীৱনযাপন পদ্ধতিক সাৰথি কৰি আগুৱাই যোৱা ৷ সফলতাৰ পাছত দৌৰাৰ প্ৰয়োজন নাই সফলতা তোমাৰ পাছে পাছে দৌৰিব ৷

18/04/2026

২০২৬ বৰ্ষৰ NK TV ৰ “বৰ বিহুৱতী” প্ৰতিযোগিতাত লখিমপুৰৰ গৰীয়া যুৱতী মৌচুমী হুছেইন ৷

Address

G. C Main Road
Guwahati
784001

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+917896975984

Alerts

Be the first to know and let us send you an email when সদৌ অসম গৰীয়া জাতীয় পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to সদৌ অসম গৰীয়া জাতীয় পৰিষদ:

Share

Category