28/03/2026
https://www.facebook.com/100044320155041/posts/1507919287362062/?mibextid=Nif5oz
বিন্নাকান্দি সমষ্টিৰ সচেতন ৰাইজলৈ আন্তৰিক পত্ৰ,
শ্ৰদ্ধাৰ বিন্নাকান্দি সমষ্টিৰ ভোটদাতা সন্মানীয় ৰাইজ, আচ্ছালামুআলাইকুম/নমস্কাৰ। আপোনাসৱৰ সৈতে মনৰ কিছু অনুভৱ ব্যক্ত কৰিবলৈ অতি আন্তৰিকতাৰে এই চিঠিখন লিখিছোঁ।
ইতিমধ্যে আপুনি /আপোনাসৱে জানে যে, ২০২৬ চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত মই বিন্নাকান্দি সমষ্টিৰ এজন প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰিছো। সেয়ে এই মুহূৰ্তত বিন্ধাকান্দি সমষ্টিৰ সচেতন ভোটাৰ ৰাইজক কিছু কথা কোৱাটো জৰুৰী বুলি ভাৱিছো। দৰাচলতে মনৰ কথাবোৰ ব্যক্তিগতভাৱে লগ ধৰি পতাটো উচিত আছিল। কিন্তু সময়ৰ নাটনিৰ বাবে সকলোকে লগ ধৰাটো কাৰ্যত: অসম্ভৱ। সেয়ে এই পত্ৰৰ জৰিয়তে কথাখিনি ব্যক্ত কৰিছো।
শ্ৰদ্ধাৰ ৰাইজ, পুৰ্বৰ যমুনামুখ বা বৰ্তমানৰ বিন্নাকান্দি আজমল পৰিয়ালৰ বাবে কেৱলমাত্ৰ এটা সমষ্টি নহয়, আমাৰ বাবে ই এখন বৰ্ধিত ঘৰ, ইংৰাজীত যাক extended family বুলি কোৱা হয়। আমাৰ ককাদেউতাৰ ঘৰ মোৰাঝাৰ থানা এলেকাৰ অন্তৰ্গত পাবিজুৰীত। য'ৰ মাটিৰ গোন্ধ আজিও আমাৰ শৰীৰত আছে।
শ্ৰদ্ধাৰ ৰাইজ, মই আজি অতি মুকলিভাৱে ক'ব বিচাৰিছো, ৰাজনৈতিক পথাৰত ভৰি দিয়াৰ আজমল পৰিয়ালৰ কোনো উদ্দেশ্য নাছিল। আমি ব্যৱসায়ত আছিলো আৰু বিগত ৫০ বছৰৰ পৰা সামাজিক কাম কাজত মনোনিৱেশ কৰি আছিলো। জমিয়ত উলামাৰ মঞ্চৰ পৰা আমি অসমৰ নিৰ্যাতিত নিষ্পেষিত সংখ্যালঘু ৰাইজৰ সমস্যাবোৰ যেনে নাগৰিকত্বৰ সমস্যা, গৰাখহনীয়া আৰু মাটিৰ পট্টাৰ সমস্যা, সময়ে সময়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱা লোকৰ পুনৰসংস্থাপন, জনসংখ্যা অনুপাতে নিৱনুৱা সমস্যাৰ সমাধান আদি ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছিলোঁ।
কিন্তু এটা সময়ত আমি পতিয়ন গলো যে, সংখ্যালঘু সম্প্ৰদায়ৰ সমস্যাবোৰ সমাধান কৰিবলৈ কোনো এটা দলৰ সদিচ্ছা নাই। সংখ্যালঘু সম্প্ৰদায়ক ভাৰতীয় নাগৰিক ৰূপে মৰ্যদা দিয়াৰ প্ৰতিষ্ঠিত ৰাজনৈতিক দলৰ আগ্ৰহ নাই।
আমাৰ ধৈৰ্যৰ সীমা অতিক্ৰম কৰি গ'ল যেতিয়া অসমৰ সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰা সৰ্বভাৰতীয় জমিয়তৰ সভাপতি ফিদায়ে মিল্লত হজৰত মৌলানা আছাদ মদনি চাহাবক তৰুণ গগৈৰ চৰকাৰে ককৰ্থনা কৰিলে। তাৰ পিছত নিৰ্যাতিত, নিপীড়িত ৰাইজৰ অধিকাৰ আদায়ৰ বাবে ৰাজনৈতিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণৰ কোনো বিকল্প পথ আমাৰ বাবে খোলা নাছিল।
শ্ৰদ্ধাৰ ৰাইজ, ৰাজনৈতিক জগতত ভৰি দিয়াৰ পিছত আজমল পৰিয়ালে কোনটো বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিব তাক লৈ দলৰ মজিয়াত যেতিয়া আলোচনা হৈছিল তেতিয়া আমি যমুনামুখ সমষ্টিক নিৰ্বাচন কৰিছিলো, যিটো আছিল আমাৰ বাবে প্ৰাকৃতিক পছন্দ। কাৰণ এই সমষ্টিৰ সৈতে আমাৰ পৰিচয়, আমাৰ লিগেচী জড়িত হৈ আছে। তেতিয়াৰ পৰাই সমষ্টিবাসীয়েও আমাৰ প্ৰতি অভূতপূৰ্ব সমৰ্থন আগবঢ়াই আহিছে। বিন্নাকান্দি সমষ্টিৰ ৰাইজ ৰাজনৈতিক ভাৱে ইমানেই জ্ঞানী আৰু পৰিপক্ক যে, আপোনালোকৰ সিদ্ধান্তক বিপথে পৰিচালিত কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন দল আৰু ব্যক্তিয়ে কৰা প্ৰৰোৰচনাক আপোনাসৱে অগ্ৰাহ্য কৰি আহিছে।
শ্ৰদ্ধাৰ বিন্নাকান্দি সমষ্টিৰ ৰাইজ, আজমল পৰিয়ালে পুৰ্বৰ যমুনামুখ আৰু বৰ্তমানৰ বিন্নাকান্দি সমষ্টিৰ বাবে ১৯৮২ চনৰ পৰাই সেৱা কৰি আহিছে। গৰীৱ, দুখীয়া, এতিম, বিধৱালৈ সহায়, ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা, চিকিৎসা, কৃষি আদি সকলো দিশত আমি কাম কৰি আহিছো। এই সমষ্টিৰ বাবে আমি ১৭খন শিক্ষানুষ্ঠান স্থাপন কৰিছো, বিন্নাকান্দিৰ পৰা ৮০গৰাকী অধিবক্তা সৃষ্টি কৰিছো, ৩৮ জন এমবিবিএছ সৃষ্টি কৰিছো, আৰু কেবাজনো প্ৰশাসনিক বিষয়া সৃষ্টি কৰিছো।
আপোনালোকে নিশ্চয় মন কৰিছে, হাম হস্পিটেল বিন্নাকান্দি সমষ্টিৰ বাবে আশাৰ থলী। প্ৰতিদিনে এই সমষ্টিৰ শ শ লোকে হাম হস্পিটেলত ৰেহাই মূল্যত চিকিৎসা লাভ কৰি আহিছে। বিগত পাঁচ বছৰত এই সমষ্টিৰ ৰাইজৰ বাবে আমাৰ পৰিয়ালে ১৫ কোটি টকাৰ চিকিৎসা ৰেহাই আগবঢ়াইছে।
বিগত দিনবোৰত আপোনাসৱৰ ভোট লাভ কৰি আমি সমষ্টিৰ উন্নয়নৰ বাবে কৰা কাম আপোনাসৱৰ চকুৰ সমুখত। ৰাস্তাঘাটৰ পৰা আৰম্ভ কৰি দলং, হস্পিটেল, শিক্ষা, মডেল স্কুল আদি সকলো দিশত চকুত লগা উন্নয়ন সম্ভৱ হৈছে আৰু আমি ইতিমধ্যে বিগত কাৰ্যকালৰ ৰিপ'ৰ্ট কাৰ্ড প্ৰকাশ কৰিছো।
শ্ৰদ্ধাৰ বিন্নাকান্দি সমষ্টিৰ ৰাইজ, আমাৰ মানুহৰ স্বাভিমান আৰু মৰ্যাদাৰ এই যুজ
আপোনালোক নিশ্চয় একমত হ'ব যে, আত্মপৰিচয় আৰু আত্মসন্মান হৈছে মানুহৰ প্ৰধান সম্পদ। বিগত কুৰি বছৰে অসমৰ নিৰ্যাতিত নিষ্পেষিত ৰাইজৰ হকে বিধানসভাৰ বাহিৰে-ভিতৰে সংগ্ৰাম কৰিবলৈ যিদৰে সমৰ্থন আগবঢ়াই আহিছে, আগন্তুক ৯ এপ্ৰিলৰ দিনা আকৌ এবাৰ তলা ছাবিৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনাইছো।
বিনীত
মৌলানা বদৰুদ্দিন আজমল
এআইইউডিএফ দলৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী,
৬২ নং বিন্নাকান্দি বিধানসভা সমষ্টি