অসম তৃণমূল কংগ্ৰেছ

অসম তৃণমূল কংগ্ৰেছ This is the Assam chapter of All India Trinamool Congress which is named as Asom Trinamool Congress. The office is situated at Jayanagar, Guwahati.

The present state president is Ripun Bora

অহা ১ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি জয়ানগৰস্হিত দলৰ ...
25/10/2023

অহা ১ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি জয়ানগৰস্হিত দলৰ মুখ্য কাৰ্যালয়ত আলোচনা কৰা হয়। উক্ত আলোচনাত সভাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ লগতে উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক (সাংগঠনিক) অৰূপজ্যোতি ভূঞা, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা আৰু কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁই। আলোচনাত দলৰ মহানগৰ সমিতিৰ ভালেসংখ্যক মহিলা নেত্ৰী-কৰ্মী উপস্থিত থাকে ৷

মেহবুব আলীক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি নিযুক্তিঅসম তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেহবুব আলীক অসম তৃণমূল যুৱ কংগ...
21/10/2023

মেহবুব আলীক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি নিযুক্তি

অসম তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেহবুব আলীক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ অনুমোদন মৰ্মে এই নিযুক্তি প্ৰদান কৰা হৈছে।

উল্লেখ্য যে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই পদত্যাগ কৰাৰ পাছত খালী হৈ আছিল সভাপতি পদ। মেহবুব আলী অসম তৃণমূল কংগ্ৰেছৰ পূৰ্বে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী সক্ৰিয় সমাজকৰ্মী হিচাপে পৰিচিত মেহবুব আলীৰ নেতৃত্বত অসম তৃণমূল যুৱ কংগ্ৰেছে বিশেষ গতি লাভ কৰিব বুলি দলৰ নেতা কৰ্মীসকলে আশা প্ৰকাশ কৰিছে।

আজি কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে অলপতে মৃত্যু হোৱা প্ৰয়াত এছ আই কৰুণা ৰাভাৰ পৰিয়ালক সাক্ষাৎ কৰ...
18/10/2023

আজি কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে অলপতে মৃত্যু হোৱা প্ৰয়াত এছ আই কৰুণা ৰাভাৰ পৰিয়ালক সাক্ষাৎ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ উপস্থিতিত এক অনুষ্ঠানত ভালেসংখ্যক ব্যক্তিয়ে দলত যোগ...
16/10/2023

আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ উপস্থিতিত এক অনুষ্ঠানত ভালেসংখ্যক ব্যক্তিয়ে দলত যোগদান কৰে। ইয়াৰ ভিতৰত আছে বিশিষ্ট সমাজসেৱিকা তথা মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত বিষয়া অন্নদিতা গোস্বামী, বিগত নিৰ্বাচনত শদিয়া সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰা ৰিজুমণি গগৈ, লেখক অশোক কুমাৰ দাস, আব্দুল ৰছিদ, যুৱ ব্যৱসায়ী সিদ্ধু চৌহান, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক জাহিবুৰ ৰহমান আৰু আপৰ প্ৰাক্তন যুৱ নেতা সমৰ মল্লিক।

কাছাৰ জিলা বিজেপি যুৱ মৰ্চাৰ কাৰ্যকৰী সদস্য মিঠু নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ আলগাপুৰ আঞ্চলিকৰ প্ৰাক্তন সাধাৰণ সম্পাদক মিছব...
14/10/2023

কাছাৰ জিলা বিজেপি যুৱ মৰ্চাৰ কাৰ্যকৰী সদস্য মিঠু নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ আলগাপুৰ আঞ্চলিকৰ প্ৰাক্তন সাধাৰণ সম্পাদক মিছবাউল ইছলাম বৰভূঞাই শুকুৰবাৰে সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ উপস্থিতিত অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে।

আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ জন্মদিন উপলক্ষ্যে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেহবুব আলীৰ ...
09/10/2023

আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ জন্মদিন উপলক্ষ্যে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেহবুব আলীৰ লগতে একাংশ গুণমুগ্ধই তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। সভাপতি ডাঙৰীয়া সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

আজি ৰূপহী প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম তৃণমূল কংগ্ৰেছৰ ৰূপহী বিধানসভা সমষ্টিভিত্তিক এক কৰ্মীসভাত উপস্থিত থাকে ৰাজ্যিক সভাপত...
07/10/2023

আজি ৰূপহী প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম তৃণমূল কংগ্ৰেছৰ ৰূপহী বিধানসভা সমষ্টিভিত্তিক এক কৰ্মীসভাত উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰিপুণ বৰা ডাঙৰীয়া। সভাত বৰা ডাঙৰীয়াৰ লগতে দলৰ ৰাজ্যিক সমিতি আৰু নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। উক্ত সভাত ভালেসংখ্যক লোকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে। লগতে নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ 'সেউজ অসম আন্দোলন' কাৰ্যসূচী এটি গছপুলি ৰোপণেৰে শুভাৰম্ভ কৰে সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই।

আপ অসমৰ নগাঁও জিলাৰ সভাপতি মইনুল হকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে।
06/10/2023

আপ অসমৰ নগাঁও জিলাৰ সভাপতি মইনুল হকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে।

অহা ১১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম তৃণমূল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ প্ৰস্তুতিৰ সন্দৰ্ভত দলীয় সতীৰ্থস...
06/10/2023

অহা ১১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম তৃণমূল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ প্ৰস্তুতিৰ সন্দৰ্ভত দলীয় সতীৰ্থসকলৰ সৈতে দলৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত মিলিত হৈ আলোচনা কৰে সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই।

আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত দলীয় সতীৰ...
05/10/2023

আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত দলীয় সতীৰ্থসকলৰ সৈতে উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰিপুণ বৰা ডাঙৰীয়া। সভাত সাংগঠনিক বিভিন্ন দিশৰ লগতে আগন্তুক দিনৰ কৰ্মসূচীৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়।

এমজিএনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি গ্ৰামোন্নয়নৰ বাবে পশ্চিমবঙ্গ চৰকাৰে পাবলগীয়া ১ লাখ ১৫ হাজাৰ কোটি টকা কেন্দ্...
03/10/2023

এমজিএনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি গ্ৰামোন্নয়নৰ বাবে পশ্চিমবঙ্গ চৰকাৰে পাবলগীয়া ১ লাখ ১৫ হাজাৰ কোটি টকা কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি ৰখাৰ বিৰুদ্ধে আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছৰ ভালেসংখ্যক সতীৰ্থৰ সৈতে সভাপতি ৰিপুণ বৰা ডাঙৰীয়া উপস্থিত থাকে।

আজি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নেতৃত্বত নতুন দিল্লীত ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলত...
02/10/2023

আজি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নেতৃত্বত নতুন দিল্লীত ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছতে পশ্চিমবংগৰ বাবে কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগা আৰু প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ধন মোকলাই নিদিয়াৰ প্ৰতিবাদত ৰাজঘাটত এক সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সমূহ মন্ত্ৰী-বিধায়ক, সাংসদৰ লগতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আৰু আৰু ভালেসংখ্যক ৰাজ্যিক আৰু জিলা সমিতিৰ সতীৰ্থ উপস্থিত থাকে। কাইলৈ যন্তৰ মন্তৰত উক্ত বিষয়ত তৃণমূল কংগ্ৰেছৰ এক বিশাল ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ হ'ব য'ত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া উপস্থিত থাকিব।

Address

House No 16, Janapath, Opposite Kendriya Vidyalay
Guwahati
781022

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm
Sunday 10am - 5pm

Website

Alerts

Be the first to know and let us send you an email when অসম তৃণমূল কংগ্ৰেছ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অসম তৃণমূল কংগ্ৰেছ:

Share