24/05/2021
হোম আইচলেচনত থকা ৰোগীসকলে ব্যৱহাৰ কৰিবলগীয়া ঔষধৰ তালিকা এখন তলত দিলোঁ৷ তাৰ আগতে কৈ লওঁ যে ঘৰত এটা Pulse oxymeter আৰু BP apparatus থকাটো অতি দৰকাৰী ৷ শৰীৰৰ উত্তাপ জোখা এটি থাৰ্মমিটাৰ ঘৰত থকা আৱশ্যক ৷ ছুগাৰৰ তাৰতম্য চলি থকা লোকৰ বাবে ছুগাৰ জোখা যন্ত্ৰ (Glucometer) থকাটো বাঞ্চনীয়৷
তেজৰ অক্সিজেনৰ পৰিমান সদায় ৯৫% ৰ ওপৰত থকাটো ভাল অৰ্থাৎ দেহৰ নিৰাপদ অৱস্থা ৷ অক্সিজেন ৯০% তললৈ আহিব ধৰিলে ৰোগীক হস্পিতাললৈ পলম নকৰি লৈ যাব লাগিব ৷
উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ নিয়মীয়া দৰব সেৱন কৰি থাকিব ৷ ঘৰত থকা ৰোগীয়ে যি কোনো অসুবিধাৰ সন্মুখীন হ’লে নিজৰ পৰিচিত চিকিৎসকৰ পৰা ৱাটচএপ যোগে পৰামৰ্শ লব ৷
এনে হোম আইচলেচনত ব্যৱস্থা কেবল কম বা মধ্যমীয়াভাৱে আক্ৰান্ত ৰোগীৰ বাবেহে প্ৰযোজ্য ৷ উশাহ লোৱাত কষ্ট ভোগা বা গুৰুতৰভাৱে অসুস্থ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিলেহে জীৱন ৰক্ষা কৰিব পৰা যাব ৷ কিডনিৰ অসুখ থকা নাইবা জটিল হৃদৰোগ থকা ৰোগীসকলৰ বাবে চিকিৎসালয়েই হ'ল নিৰাপদ আশ্ৰয়ৰ স্থল৷
কোনেও এই নিদান পত্ৰখনৰ দিয়াৰ বাবে অযথা বিতৰ্কৰ সৃষ্টি নকৰে যেন ৷ হোম আইচলেচন বিচৰা ৰোগীক চৰকাৰীভাবে একো দৰবৰ নিৰ্দেশনা নিদিয়া বুলি উঠা অভিযোগৰ পৰিপ্ৰেক্ষিত এইখিনি জনাৱাটো মোৰ কৰ্তব্য বুলি গণ্য কৰিলোঁ ৷ ধন্যবাদ ৷
স্পষ্টীকৰণ ::
এইখন প্ৰেচক্ৰিপচন ঘৰত থকা আৰু চৰকাৰী পৰামৰ্শ নোপোৱা কভিড পজিটিভ ৰোগীৰ বাবেহে ৷
১২বছৰৰ তলৰ ৫বছৰৰ ওপৰৰ সৰু ল'ৰা-ছোৱালীয়ে এই দৰবসমূহৰ আধা পৰিমান নাইবা য'ত সম্ভৱ চিৰাপ ব্যৱহাৰ কৰিব ৷
৫বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত শিশু বিশেষজ্ঞৰ পৰামৰ্শ মানি চলিব ৷
গৰ্ভৱতী মহিলাসকল প্ৰসূতি চিকিৎসা বিশেষজ্ঞৰ দায়িত্বত থাকিব৷
ভুল নুবুজিব এই দৰববোৰ একমাত্ৰ কৰ'নাৰ প্ৰতিষেধক নহয় ৷ সকলোৱে মাস্ক পিন্ধি সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজক সুৰক্ষিত কৰি ৰাখিব লাগিব ৷
* সমাজত সজাগতাৰ সৃষ্টি কৰাৰ দায়িত্ব কেবল ডাক্তৰ, ফাৰ্মাচিষ্ট আৰু নাৰ্চৰে নহয় - প্ৰতিজন শিক্ষিত দায়িত্বশীল নাগৰিকৰ এয়া এক মহান কৰ্তব্য ৷
R/1, Azithromycin 500 mg Tablet ( 6 ) - নিতৌ এটা পিল দিনটোৰ যিকোনো সময়তে৬দিনলৈ খাব৷
নাইবা অসুখ অলপ বেচি থকা সকলৰ বাবে Doxycycline with Lactobacillus (15) - এটাকৈ দিনে দুবাৰ আহাৰৰ পিছত এসপ্তাহলৈ খাব৷
2. Supradyn / Becozyme C multivitamin Tablet (20) - এটাকৈ দিনে দুবাৰ (পুৱা আৰু গধূলি)
3. C D Zinc (VitaminC, Vitamin D with Zinc Tablet (30) - নিতৌ এটা পিল দিনটোৰ যিকোনো সময়তে এমাহলৈ খাব৷
4.Montolukast with Levocetrizine Tablet (30) - - এটাকৈ দিনে দুবাৰ (পুৱা আৰু গধূলি) দহ-পোন্ধৰ দিনলৈ খাব৷ এয়া এলাৰ্জিৰ প্ৰতিৰোধক৷
5. Deriphylline Tablet (30) - এটাকৈ দিনে তিনিবাৰ আহাৰৰ পিছত কমেও ১০দিন খাব৷ (*Deriphylline tablet কভিড পজিটিভ ৰোগীয়ে শ্বাস কষ্ট নহলেও খোৱাত বাধা নাই ৷ কাৰণ ই শ্বাসনলীলৈ বায়ু চলাচল সুগম কৰি তুলিব ৷ (Deriphylline helps in relaxing the muscles of the air passages and making it easier to breathe.)
6. m – Solvin Syrup (2 Bottles) - দুচামুচকৈ দিনে ৪বাৰ অন্তত: ১০দিনলৈ খাব৷ এই দৰবে কাহ কমোৱাৰ ওপৰিও শ্বাস-প্ৰস্বাসত সহায় কৰিব৷
7. Omez –D (15) - নিতৌ পুৱাএটা কেপচুল খালী পেটত খাব৷ ই এচিডিটি, বুকুজ্বলা,গেছ,বমিভাৱ আদি কমাব৷
8. Parasafe 500 mg Tablet (30) - দুটাকৈ দিনে দুবাৰ আহাৰৰ পিছত খাব৷
(Parasafe / Paracetamol টেবলেট জ্বৰ নাথাকিলেও খাব পাৰিব ৷ ই গাৰ বিষ,মূৰৰ বিষ আৰু মাংসপেশিৰ বেদনাৰ উপশম ঘটাব ৷)
9. Betadine Gargle (1 Bottle) - কুহুমীয়া গৰম পানীত দৰব মিহলাই দিনে দুবাৰ Gargleকৰিব৷
* কৰ'না নিগেটিভ হোৱাৰ পিছতো কিছুমান ৰোগীৰ বক্ষৰ চি টি স্কেনত এনে কিছুমান বিসংগতি দেখা যায়৷ যেনে এটিপিকেল নিউম'নিয়া, আশিংক ক'লাপচ্, গ্ৰাউণ্ড গ্লাচ অপেচিটি৷ তেনে ৰোগীক উচ্চমানৰ এন্টিবায়টিক (Piperacillin with Tazobactum), ডেক্সমিথাচন বেজী আৰু ডেৰিফাইলিন বেজী এসপ্তাহমানলৈ দিবলগীয়া হয়৷ নকলেও হব এনে চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ তত্বাবধানৰ আৱশ্যক ৷
* ব্যক্তিভেদে অন্যান্য দৰব প্ৰয়োজন সাপেক্ষে তদাৰককাৰী চিকিৎসকে যোগ দিব৷
ডা: ভূপেন শইকীয়া
যোগাযোগ ইমেইল – [email protected]
ৱাটচএপ – 94350 48055 গুৱাহাটীৰ পৰা, তাৰিখ ২৪-০৯-২০২০