Shangkhadhwani Samajik Sanskritik Mancha

Shangkhadhwani Samajik Sanskritik Mancha It is a Guwahati based women organisation with over 60 members.

Shangkhadhwani Samajik Sanskritik Mancha a socio-cultural organisation, working for the upliftment of different social issues and cultural activities among women, youths and young children.

 #শঙ্খধ্বনিৰ_একাদশ_সংখ্যক_প্ৰতিষ্ঠা_দিবস      যোৱাকালি ২২-২-২৬তাৰিখ দেওবাৰে জ্যোতি চিত্ৰবনৰ কনফাৰেন্স হলত অতি জাকজমকতাৰে...
23/02/2026

#শঙ্খধ্বনিৰ_একাদশ_সংখ্যক_প্ৰতিষ্ঠা_দিবস

যোৱাকালি ২২-২-২৬তাৰিখ দেওবাৰে জ্যোতি চিত্ৰবনৰ কনফাৰেন্স হলত অতি জাকজমকতাৰে সম্পন্ন হৈ যায় 'শঙ্খধ্বনি সামাজিক-সাংস্কৃতিক মঞ্চ'ৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিবসটি ।অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কায্যক্ৰমণিকাৰ স'তে এইবাৰ " #শঙ্খধ্বনি_সন্মান" বঁটা আগবঢ়োৱা হয় সুৱদী কণ্ঠৰ প্ৰবীণ সংগীত শিল্পী শান্তা উজীৰক। এই বঁটাত আছে এখনি চেলেং, এখন প্ৰশস্তি পত্ৰ, এটি ফুলৰ থোপা,এটা জাপি, এযোৰ মেখেলা-চাদৰ, এটা অসমীয়া গহণাৰ চেট আৰু এটি ফুলৰ পুলি। বৰ্ণাঢ্য অনুষ্ঠানটোৰ বিভিন্ন কাৰ্য্যসূচীত আছিল সদস্যাসকলৰ দ্বাৰা পৰিবেশিত শঙ্খধ্বনিৰ শীৰ্ষ গীত ''মুক্ত আকাশ মুক্ত বতাহ'', বৰগীত, লোকগীত, কবিতা আবৃত্তি, নাটক, আধুনিক নৃত্য আদি ।
অনুষ্ঠানত শঙ্খধ্বনিৰ দুগৰাকী জ্যেষ্ঠ সদস্যা ৰুণু গোস্বামী আৰু মনদা গগৈক এখনি চেলেং আৰু প্ৰশস্তি পত্ৰৰে শুভেচ্ছামূলক সন্মান আগবঢ়োৱা হয়।
এই অনুষ্ঠানতে ভাৰত চৰকাৰৰ সন্মানীয় 'পদ্মশ্ৰী' বঁটা প্ৰাপক কলা-ভাস্কৰ্য্য শিল্পী নুৰুদ্দিন আহমেদ ডাঙৰীয়াক 'শঙ্খধ্বনি'ৰ তৰফৰ পৰা এখনি চেলেং, ফুলৰ থোপা, জাপি আৰু প্ৰশস্তি পত্ৰৰে অভিনন্দন তথা সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ কৰ্মময় জীৱন অধিক সোনোৱালী হোৱাৰ কামনা কৰা হয় ।
বিয়লি ৩বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি ৬ বজাত সুন্দৰভাবে সামৰণি পৰে । অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শঙ্খধ্বনিৰ সভানেত্ৰী ৰঞ্জু নেওগে।

তলত অনুষ্ঠানটিৰ কিছু আলোকচিত্ৰ আগবঢ়ালো ।

Big thanks to Juri Handiquefor all of your support! Congrats for being top fans on a streak 🔥!
05/11/2025

Big thanks to Juri Handique

for all of your support! Congrats for being top fans on a streak 🔥!

Address

Gauhati
781019

Telephone

+917002118490

Website

Alerts

Be the first to know and let us send you an email when Shangkhadhwani Samajik Sanskritik Mancha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Shangkhadhwani Samajik Sanskritik Mancha:

Shortcuts

Share