29/05/2026
ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়িকা জনীয়ে UCCৰ বিৰোধিতা কৰিবলৈগৈ ধুবুৰী সমষ্টিৰ লগতে সমগ্ৰ জিলাবাসীক লজ্জিত কৰি ইছলাম ধৰ্মীয় লোকসকলকো লজ্জিত কৰা ভাষ্যই ধুবুৰী সমষ্টি আৰু সমগ্ৰ জিলাবাসীৰ চিন্তন-মনন আৰু অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা উন্মোচিত কৰিছে।
ধুবুৰী সমষ্টিৰ বিধায়িকা গৰাকীৰ ধৰ্ম বিষয়ে কোনো জ্ঞান নাই বুলি স্পষ্ট হৈ পৰিছে। বিধায়িকাৰ ভাষ্য অনুসৰি, পত্নীয়ে ৰোগত আক্ৰান্ত হ’লে দ্বিতীয় বিয়া পাতিব পাৰি। অৰ্থাৎ পত্নী বা নাৰীক বিধায়িকা জনীয়ে আওপকীয়াকৈ পত্নীক বস্তু তথা বাহনৰ লগত তুলনা কৰিছে— বস্তু বাহনখন বেয়া হ’লে সলনি কৰি লওক।
সৰুতে আইতাই সাধুকথাত শুনাইছিল, “মূৰ্খৰ ৰাজ্যত মূৰ্খ ৰজা হয়”। আজি বাস্তৱত সেই কথা স্পষ্টকৈ অনুভৱ কৰিলোঁ। আমিও যেন অন্ধৰ দেশত দাপোন বিক্ৰী কৰি আছোঁ।
বিৰোধিতা কৰাটো বেয়া নহয়, কিন্তু কমনচেঞ্চ নাথাকিলে সেয়া ননচেঞ্চহে হৈ পৰে।