Raijor Dal ৰাইজৰ দল

Raijor Dal ৰাইজৰ দল আমাৰ প্ৰথম কথা উন্নয়ন
আৰু শেষ কথাও উন্নয়ন।
(4)

29/05/2026

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পৰা সংবাদ মেল সম্বোধন জাতীয় যুৱ বাহিনীৰ সভানেত্ৰী ড° জ্ঞানশ্ৰী বৰা, ৰাইজৰ দলৰ মুখপাত্ৰ মৃণাল বৰা আৰু অংকুমান বৰদলৈৰ।

28/05/2026

সমগ্ৰ ইছলামধর্মী ৰাইজলৈ পৱিত্ৰ "ঈদ উজ্ জোহা”ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

27/05/2026

বিৰোধীয়ে দিয়া দফা দফা অনুসৰি সংশোধনী প্ৰস্তাৱৰ আলোচনা নকৰাকৈয়ে আজি অসম বিধানসভাত UCC গৃহীত কৰিলে। আনকি বিৰোধীয়ে উত্থাপন কৰা ‘Select Committee’ৰ দাবীকো মানি নল’লে অধ‍্যক্ষই। অধ‍্যক্ষ দাস ডাঙৰীয়াৰ এনে পক্ষপাতিত্বমূলক আচৰণৰ বিৰোধিতা কৰি আজি সদন ত‍্যাগ কৰোঁ।
▪️ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬

27/05/2026

‘Constitutional Proportional and Indivisual Liberty’ বিষয়টো গুৰুত্ব নিদিয়াকৈ আইন প্ৰস্তুত কৰিব নোৱাৰে।

Citizen vs State অৰ্থাৎ এজন নাগৰিকৰ অধিকাৰৰ ওপৰত ৰাজ‍্য বা দেশৰ সীমাবদ্ধতা থকা পাছতো লিভ ইন ৰিলশ‍্যনশ্বিপৰ নতুন নিয়মসমূহে ব‍্যক্তিৰ ওপৰত ৰাখিব পৰা খবৰদাৰীৰ ক্ষমতাতকৈ অধিক ভিতৰলৈ সোমাই যোৱাৰ ক্ষমতা ৰাজ‍্যখনক প্ৰদান কৰিব।

▪️ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬

27/05/2026

ল’ৰা-ছোৱালীৰ লিভ ইন ৰিলেশ‍্যনশ্বিপৰ ওপৰত ৰাজ‍্য চৰকাৰৰ নিৰীক্ষণ দিছে ঠিকেই। কিন্তু তেওঁলোকৰ মাজত যদি কাজিয়া বা মনোমালিন‍্য হয়, তেন্তে সেই সম্পৰ্কত কি ব‍্যৱস্থা ৰাখিছে? লিভ ইন ৰিলশ‍্যনশ্বিপৰ নামত অনা নিয়মে ৰাজ‍্যৰ যুৱ প্ৰজন্মৰ ওপৰত Harassment, মৰেল পুলিচিং, সামাজিক হেঁচাৰ ব‍্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

▪️ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬

27/05/2026

এবাৰ ভাবি চাওক কথাবোৰ…

UCCৰ জৰিয়তে যুৱ প্ৰজন্ম বা কোনো ব‍্যক্তিৰ ‘Private Privacy’ৰ ওপৰত আমোলাতান্ত্ৰিক ব‍্যৱস্থা জাপি দি অনবৰতে দুগৰাকী ব‍্যক্তিৰ ব‍্যক্তিগত সম্পৰ্কক নিৰীক্ষণত ৰাখিব খুজিছে। কেৱল সিমানেই নহয়; দুজন ব‍্যক্তিৰ ব‍্যক্তিগত সম্পৰ্কৰ কথা চৰকাৰ, স্থানীয় আৰক্ষী, সাধাৰণ ৰাইজৰ হাতে হাতে সুলভ হৈ পৰিব। যিটো কথা ‘Private Liberty’ অৰ্থাৎ ব‍্যক্তিগত স্বাধীনতাৰ ওপৰত ৰাষ্ট্ৰৰ সম্পূৰ্ণ হস্তক্ষেপ থাকিব।
▪️ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬

27/05/2026

UCC-ৰ সন্দৰ্ভত আজি অসম বিধানসভাত ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰ ডাঙৰীয়াৰ বক্তব্য:
▪️ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬

27/05/2026

UCCক আমি বিৰোধিতা কৰা নাই। কিন্তু এই বিলত সন্নিৱিষ্ট হোৱা সংবেদনশীল বিষয়ক লৈ আমি চিন্তিত। এই বিলত মূলতঃ যি চাৰিটা বিষয় সন্নিৱিষ্ট কৰা হৈছে, তাৰে তিনিটা বিষয়েই ইতিমধ‍্যে অসম বিধানসভাত গৃহীত হৈ আছে। মুঠতে ইউচিচিত লিভ ইন ৰিলেশ‍্যনশ্বিপৰ বিষয়টোৰ বাহিৰে বিশেষ নতুনত্ব নাই।

মাত্ৰ নতুনকৈ অনা বিষয়টো হৈছে লিভ ইন ৰিলেশ‍্যনশ্বিপৰ বিষয়টো, যিটোত আৰএছএছ-বিজেপিৰ মান্ধাতা যুগৰ চিন্তাৰ প্ৰতিফলনেই কেৱল ঘটা নাই; ইয়াৰ জৰিয়তে নাগৰিকৰ ব‍্যক্তিগত জীৱনৰ গোপনীয়তাৰ অধিকাৰৰ ওপৰত আমোলাতান্ত্ৰিক ব‍্যৱস্থাটো সম্পূৰ্ণৰূপে নমাই দিয়া হৈছে।

সমান্তৰালভাৱে লিভ ইন ৰিলেশ‍্যনশ্বিপৰ নতুন নিয়মৰ জৰিয়তে ‘Civil Matter’ৰ পৰা ‘Criminal Matter’ অৰ্থাৎ দেৱানী বিষয়ৰ পৰা ফৌজদাৰী বিষয়লৈ ৰূপান্তৰ কৰিব খোজা হৈছে। এয়া আইনৰ অপব‍্যৱহাৰ।

সেয়েহে ব‍্যক্তিৰ গোপনীয়তাৰ মৌলিক অধিকাৰক খৰ্ব কৰা, দেৱানী বিষয় এটাক ফৌজদাৰী বিষয়লৈ ৰূপান্তৰিত কৰিব খোজাৰ দৰে স্পৰ্শকাতৰ বিষয়বোৰ ৰাইজে লক্ষ‍্য কৰা উচিত। এয়া এক অতি সংবেদনশীল বিষয়।

এই বিষয়বোৰক লৈ সামগ্ৰিকভাৱে বিলখনৰ ওপৰত আজিৰ বিধানসভা অধিৱেশনত বিৰোধী দলৰ বিধায়ক হিচাপে মোৰ বক্তব‍্য দাঙি ধৰোঁ।
▪️ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬

27/05/2026

বিৰোধী দল কেতিয়াও সংবিধান বিৰোধী হ’ব নোৱাৰে; বৰঞ্চ আমি সদায় সংবিধানপ্ৰদত্ত গণতান্ত্ৰিক মূল্যবোধ আৰু অধিকাৰসমূহৰ হকেই মাত মাতি আহিছোঁ। দীৰ্ঘদিন ধৰি বিজেপিয়ে কিদৰে দেশৰ পবিত্ৰ সংবিধানক অৱমাননা কৰি আহিছে, সেই সত্যক আমি ধাৰাবাহিকভাৱে জনতাৰ সন্মুখত দাঙি ধৰি আহিছোঁ। দেশৰ নাগৰিকক সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহক যি বিজেপিয়ে প্ৰতিটো খোজতে ভৰিৰে মোহাৰি ধূলিসাৎ কৰিব খুজি আহিছে, সেই বিজেপিৰ মুখত আজি সংবিধানৰ সুৰক্ষাৰ কথা একেবাৰেই শোভা নাপায়।

26/05/2026

অসমৰ শেহতীয়া তথ‍্য অনুসৰি পুৰুষ আৰু মহিলা ভোটাৰ প্ৰায় সমান। ভোটাৰ যদি সমান হয়, তেন্তে ৫০-৫০ শতাংশ কিয় হ’ব নোৱাৰে? মহিলাৰ বাবে সংৰক্ষিত আসনৰ ক্ষেত্ৰত ৫০ শতাংশলৈ বৃদ্ধি কৰক চৰকাৰে।

▪️ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬

Address

House No. 1 Mathgharia, Near Modern High School
Guwahati
781020

Alerts

Be the first to know and let us send you an email when Raijor Dal ৰাইজৰ দল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Raijor Dal ৰাইজৰ দল:

Share