গীতাৰ্থ ভৰালী

গীতাৰ্থ ভৰালী সমাজকৰ্মী Social Activist

যোৱা ৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে তিপমীয়া মাধ্যমিক বিদ্যালয় স্কুল খেলপথাৰ, টিংখং আৰু ৰাইডাং খেলপথাৰ, ডিগবৈ, বৰ্তমানৰ ৰাজ্য...
09/02/2026

যোৱা ৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে তিপমীয়া মাধ্যমিক বিদ্যালয় স্কুল খেলপথাৰ, টিংখং আৰু ৰাইডাং খেলপথাৰ, ডিগবৈ, বৰ্তমানৰ ৰাজ্যসভা সাংসদ আৰু পূৰ্বৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু কৰ্মসংস্থান ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ লগতে ডিগবৈ সমষ্টি বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ দ্বাৰা উন্মোচন কৰাৰ মুহূৰ্তত ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) তৰফৰ পৰা উপস্থিত থাকিবলৈ পাও।

উক্ত প্ৰকল্প দুটা ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) এ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ (CSR) অধীনত নিৰ্মাণ কৰি স্থানীয় ৰাইজৰ বাবে আগবঢ়াই দিয়ে।

17/10/2025

জাপানী মানুহে ভাৰতীয় মানুহক ঘৰলৈ কিয় নিমন্ত্ৰণ নকৰে?----

এবছৰতকৈও অধিক সময় জাপানত বাস কৰা ভাৰতীয় মানুহ এজনে এটা আচৰিত কথা লক্ষ্য কৰিলে: তেওঁৰ জাপানী বন্ধুসকল বেচ ভদ্ৰ আৰু সহায়কাৰীও, কিন্তু তেওঁক কোনেও নিজৰ ঘৰলৈ নিমন্ত্ৰণ নকৰে,আনকি চাহ একাপ খাবলৈও নিমন্ত্ৰণ নকৰে।
আচৰিত আৰু মনত আঘাত পাই অৱশেষত এজন জাপানী বন্ধুক তেওঁ এই বিষয়ে সুধিলে।
বহু সময় মৌন হৈ থকাৰ পিছত বন্ধুজনে উত্তৰ দিলে, "আমাক জাপানত ভাৰতীয় ইতিহাস শিকোৱা হয়... কিন্তু প্ৰেৰণাৰ বাবে নহয়, সতৰ্কবাণী হিচাপেহে।"
ভাৰতীয় মানুহজনে আচৰিত হৈ সুধিলে, "সতৰ্কবাণী, ভাৰতীয় ইতিহাসক সতৰ্কবাণী হিচাপে শিকোৱা হয়? কিয়, মই হ'লে একো বুজি পোৱা নাই!কওকচোন?"
জাপানী বন্ধুজনে সুধিলে, "ভাৰতক কিমান সংখ্যক বৃটিছে শাসন কৰিছিল?"
ভাৰতীয় মানুহজনে ক'লে, "হয়তো...১০,০০০মান হ'ব....?

জাপানী ভদ্ৰলোকে এইবাৰ গুৰুত্বসহকাৰে মাত দি সুধিলে, "সেই সময়ত ভাৰতত ৩০ কোটিতকৈও অধিক ভাৰতীয় বাস কৰিছিল।" নহয়নে?"
হয়।
"তেন্তে আপোনাৰ মানুহক কোনে অত্যাচাৰ কৰিছিল? কোনে কোবাই, অত্যাচাৰ কৰি, গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ পালন কৰিছিল?"

তেওঁ পুনৰ জোৰ দি ক'লে, "যেতিয়া জেনেৰেল ডায়েৰে জালিয়ানৱালা বাগত গুলীচালনা কৰাৰ নিৰ্দেশ দিছিল, তেতিয়া কোনে ট্ৰিগাৰ টানিছিল? তেওঁলোক ব্ৰিটিছ সৈন্য আছিল নেকি? নাই, তেওঁলোক ভাৰতীয়ই আছিল।"
"কোনোৱেও কিন্তু জেনেৰেল ডায়েৰৰ ফালে নিজৰ ৰাইফলটো কিয় টোওৱা নাছিল?
তেওঁ ক'লে, "আপোনালোকে যি দাসত্বৰ কথা কয়, সেয়া আছিল আপোনালোকৰ প্ৰকৃত দাসত্ব। শৰীৰৰ নহয়, আত্মাৰ।"
ভাৰতীয় মানুহজন স্তম্ভিত, নিৰৱে, আৰু লাজতে থিয় হৈ শুনি আছিল।
জাপানী বন্ধুজনে আৰু ক'লে, "মধ্য এছিয়াৰ পৰা কিমানজন মোগল আহিছিল? হয়তো কেইহাজাৰমান হব? আৰু তথাপিও তেওঁলোকে আপোনালোকৰ ওপৰত শতিকাজুৰি শাসন কৰিছিল।
মোগলে ভাৰতত সংখ্যাগত শক্তিৰে শাসন কৰা নাছিল, কিন্তু আপোনাৰ নিজৰ মানুহে মূৰ দোৱাই মোগলক চেলুট দিছিল। তেওঁলোকে নিজৰ মানুহক বিশ্বাসঘাতকতা কৰি মোগলৰ প্ৰতি আনুগত্যশীল হৈ থাকিল। হয় জীয়াই থাকিবলৈ নহয় ৰূপৰ মুদ্ৰাৰ বাবে।"
"আপোনাৰ নিজৰ মানুহেই ধৰ্মান্তৰিত কৰিলে। ভনীয়েক-কন্যাক মোগলৰ লগত বিয়া দিলে।
আপোনাৰ নিজৰ মানুহে আপোনালোকৰ বীৰসকলক ইংৰাজৰ হাতত গতাই দিলে । চন্দ্ৰশেখৰ আজাদক কোনে বিশ্বাসঘাতকতা কৰিছিল? কোনে ব্ৰিটিছক জনাইছিল যে তেওঁ আলফ্ৰেড পাৰ্কত লুকাই আছে?
*নিজকে দেশপ্ৰেমী বুলি কোৱা সকলৰ (গান্ধী আৰু নেহৰুৰ) অনুমতি অবিহনে ভগত সিঙক ফাঁচী দিয়াটো সম্ভৱ আছিল নেকি?"*
-----------
"তোমালোক ভাৰতীয়ক বিদেশী শত্ৰুৰ প্ৰয়োজন নাই। ক্ষমতা, পদবী, ব্যক্তিগত লাভালাভৰ বাবে তোমালোকৰ নিজৰ মানুহে তোমালোকক বাৰে বাৰে বিশ্বাসঘাতকতা কৰি আহিছে। সেইবাবেই আমি ভাৰতীয়ৰ পৰা আমাৰ দূৰত্ব বজাই ৰাখোঁ।"
-----------
"যেতিয়া ইংৰাজসকল হংকং আৰু ছিংগাপুৰলৈ আহিছিল, তেতিয়া এজনো স্থানীয় লোকে তেওঁলোকৰ সেনাবাহিনীত যোগদান কৰা নাছিল। কিন্তু ভাৰতত আপুনি কেৱল শত্ৰুৰ সেনাবাহিনীত যোগদান কৰাই নহয়, তেওঁলোকৰ সেৱাও কৰিছিল। আপুনি তেওঁলোকক পূজা কৰিছিল। তেওঁলোকক সন্তুষ্ট কৰিবলৈ আপোনালোকে নিজৰ মানুহক হত্যা কৰিছিল।"

আপোনালোক ভাৰতীয়সকল আজিও সলনি হোৱা নাই। ইতিহাসৰ পৰা কোনো শিক্ষা লোৱা নাই।
এই কথাখিনি কৈ জাপানী ভদ্ৰলোক গুচি গ'ল, আৰু আমাৰ ভাৰতীয় বন্ধুৱে লাজত মূৰ নত কৰি এক প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ থাকিল..
😌😌😌

#সংগ্ৰাহক

খবৰটো শুনি সঁচাকৈ দুঃখ লাগিছে!!!মাত্ৰ ৫২ বছৰ বয়সত এনেকৈ অসম তথা ভাৰতবাসীৰ সকলোৰে মাজৰপৰা আতঁৰি যোৱা ঘটনা সহ্য কৰিব নোৱা...
20/09/2025

খবৰটো শুনি সঁচাকৈ দুঃখ লাগিছে!!!
মাত্ৰ ৫২ বছৰ বয়সত এনেকৈ অসম তথা ভাৰতবাসীৰ সকলোৰে মাজৰপৰা আতঁৰি যোৱা ঘটনা সহ্য কৰিব নোৱাৰি। আমাৰ মৰমৰ জুবিন গাৰ্গ ৰ মৃত্যুৱে কেৱল মাথো অসম তথা উত্তৰ পূৰ্বাঞ্চল ই নহয়, সমগ্ৰ বিশ্বৰ সংগীত জগতৰ এজন মহান সম্পদ হেৰুৱালে। তেঁওৰ আত্মাই শান্তি পাওক, যতেই আছে তাত সুখে, শান্তিৰে আৰু ফুৰ্তিৰে থাকক তাৰেই কামনা কৰিলো।।।

12/09/2025
15/08/2025

৭৯তম স্বাধীনতা দিবসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন!

আজিৰ দিনটো কেৱল উৎসৱৰ দিন নহয়, ই হৈছে আমাৰ জাতীয় গৌৰৱৰ দিন। ১৯৪৭ চনৰ ১৫ আগষ্টত বহু বছৰীয়া ইংৰাজ শাসনৰ পৰা মুক্তি লাভ কৰি আমাৰ দেশ নতুন জীৱনৰ সূচনা কৰিছিল। সেই স্বাধীনতাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে নিজৰ জীৱনৰ সুখ-সুবিধা ত্যাগ কৰি, অনেকে তো জীৱন উৎসৰ্গা কৰি দিছিল।

আজিৰ দিনত আমি যি মুক্ত আকাশত নিশ্বাস লইছো, সেইটো সেই সাহসী যোদ্ধাসকলৰ অনন্ত ত্যাগৰ ফল। আমি সকলোৰে দায়িত্ব এই স্বাধীনতাৰ মূল্য বুজি ৰাখি আগন্তুক প্ৰজন্মলৈ সন্মানসহে আগবঢ়োৱা।

স্বাধীনতা মানে কেৱল সীমান্তৰ সুৰক্ষা নহয়, ই হৈছে সামাজিক ন্যায়, ভ্ৰাতৃত্ব, একতা আৰু উন্নয়নৰ পথত আগবাঢ়ি যোৱা। আমি সকলোয়ে একেলগে চেষ্টা কৰিলে আমাৰ দেশ আৰু বেছি শক্তিশালী, সৰ্বত্ৰ উন্নত আৰু শান্তিময় হব।

এই ৭৯তম স্বাধীনতা দিবসত আমি সকলে প্ৰতিজ্ঞা লওঁ
ত্ৰংগা পতাকা আকাশত উড়ি থাকক আৰু ভাৰতমাতাৰ সন্মান যুগযুগ ধৰি অম্লান থাকক।

জয় হিন্দ! বন্দে মাতৰম! 🇮🇳

20/06/2025

জাতি ডাঙৰ হয়, জাতীয়তাবাদ নহয়, ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে_

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই বিশিষ্ট কথা-সংকলনেৰে আজি তেওঁৰ পৱিত্ৰ পুণ্যতিথিক শ্ৰদ্ধাৰে সুঁৱৰিলো।।।

13/06/2025

যোৱা কালি গুজৰাট ৰ আহমেদাবাদ ত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত পতিত সকলোৰে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিলো যাতে আগন্তুক দিনত ভাৰতীয় বিমান সেৱাৰ আৰু অধিক পাৰদৰ্শিতা বাঢ়ে।।।

15/04/2025

আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোলৈ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে আমাৰ বাপোতিসাহোন ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা ওলগ জনালোঁ। এই ৰঙীন উৎসৱে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-সমৃদ্ধি, সু-স্বাস্থ্য আৰু অসীম আনন্দ।

পুনৰ আপোনালোক সকলোলৈ অসমীয়া নৱবৰ্ষৰ শুভকামনা আৰু ৰঙালী বিহুৰ উলগ যাচিলো।

ধন্যবাদেৰে
গীতাৰ্থ ভৰালী

14/03/2025

সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ দৌলোৎসৱৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ ৰংবোৰ মিলিত হৈ ৰাজ্যবাসীলৈ কঢ়িয়াই আনক নতুন আশা, বিশ্বাস আৰু ভাতৃত্ববোধৰ বতৰা ।

08/02/2025

কোনো এটা দলেই অকলে বিজেপিক এইমূহুৰ্তত পৰাভূত কৰাতো কঠিন, এই অতি সৰল সত্য এটা বুজি পাবলৈ বিৰোধী দল সমূহক ইমান সময় কিয় লাগিছে বুজিব নোৱাৰিছো!
ইয়াৰ কেইবাটাও কাৰণ আছে -
অহংকাৰ- যিটোৰ বহিভূত হৈ আপে শোচনীয় পৰাজয় বৰণ কৰিলে। তেওঁলোকৰ নেতাৰ ডাঙৰ ডাঙৰ কথাৰ আজি দিল্লীবাসী ৰাইজে উত্তৰ দিলে।
নিজক আনতকৈ উৰ্ধৰ বুলি ভবা - এনেকুৱা মনোভাৱৰ কাৰণে আজি কংগ্ৰেছ আৰু আপ ৰ মিল নহল আৰু তাৰ প্ৰত্যুত্তৰ বাৰুকৈয়ে পালে দুইটা দলে।

যি দলেই জয় হয় আহক, কথা হল জনগণৰ উন্নয়ন কমী কাম হব লাগে আৰু ৰাজ্য তথা দেশ উন্নতিৰ পথত আগুৱাব লাগে।।।

"তুলসীৰ তলে তলে মৃগ পহু চৰে তাক মাৰিবলৈ ৰামচন্দ্ৰই শৰ ধনু ধৰে" ধনে ধানে উপচি পৰক আপোনালোকৰ ঘৰখনকাতি বিহুৰ আকাশবন্তিৰ পোহ...
17/10/2024

"তুলসীৰ তলে তলে মৃগ পহু চৰে
তাক মাৰিবলৈ ৰামচন্দ্ৰই শৰ ধনু ধৰে"

ধনে ধানে উপচি পৰক
আপোনালোকৰ ঘৰখন

কাতি বিহুৰ আকাশবন্তিৰ পোহৰেৰে উপচি পৰাক অসমৰ সমাজ জীৱন।।।

সোনোৱালী হওক সকলোৰে খেতিপথাৰ।।।

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ কাতি বিহুৰ অলেখ শুভেচ্ছা জনালো।।।

Address

Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when গীতাৰ্থ ভৰালী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to গীতাৰ্থ ভৰালী:

Share