10/08/2025
অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী তথা ৯১ নং টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত বিমল বড়া দেৱৰ নিৰ্দেশ মৰ্মে আৰু ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী (ভা:প্ৰ:সে:) দেৱৰ নেতৃত্বত, টিংখাং সম-জিলা প্ৰশাসন, মৰাণ ৰাজহ চক্ৰ আৰু খোৱাং উন্নয়ন খণ্ডৰ সহযোগত মৰাণ নগৰৰ এলেকাত পাৰিপাৰ্শ্বিকতাৰ লগতে মৰাণ নগৰৰ কৃত্ৰিম বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নলা নৰ্দমা সমূহ চাফ-চিকুণ কৰাৰ লগতে নলা নৰ্দমা সমূহেদি উপযুক্ত পৰিমাণে পানী সৰবৰাহ কৰিব পৰাকৈ নলাসমূহ খান্দি দিয়াৰ ব্যৱস্থা কৰা হৈছে।