10/12/2025
খোৱাং সম জিলা প্ৰশাসনৰ উদ্যোগত আজি ১০ ডিচেম্বৰ, ২০২৫ তাৰিখে ৰাজ্যখনৰ জাতীয় চেতনাৰ প্ৰতীক 'শ্বহীদ দিৱস' এইবাৰ প্ৰথমবাৰৰ বাবে যথাযোগ্য মৰ্যাদাৰে পালন কৰা হয়। এই পৱিত্ৰ জাতীয় দিৱসটোৱে জাতীয় ভাষা, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে কৰা মহান আত্মত্যাগক স্মৰণ কৰে। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত বৰপেটাৰ খৰ্গেশ্বৰ তালুকদাৰে আত্মবলিদান দি অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ হৈছিল।
খোৱাং সম জিলা প্ৰশাসনে তেওঁকে প্ৰমুখ্য কৰি অসম মাতৃৰ অমৰ সন্তানসকলৰ মহান আত্মত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱসৰ আয়োজন কৰা হয় ।
আজি এই পবিত্ৰ অনুষ্ঠানত খোৱাং বিধান সভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়া, খোৱাং সম জিলা আয়ুক্ত মাননীয় শ্ৰীযুত জয়ন্ত চাৰণ ডাঙৰীয়া, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মাননীয়া শ্ৰীমতী কুইন গগৈ মহোদয়া, খোৱাং সম জিলাৰ সহকাৰী আয়ুক্তা মাননীয়া শ্ৰীমতী সুপ্ৰিয়া বাউলাৰী মহোদয়া, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ( সংলগ্ন) মাননীয়া শ্ৰীমতী মামণ সোণোৱাল মহোদয়া, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ মাননীয় শ্ৰীযুত অসীম হাজৰিকা মহোদয়, বিভিন্ন বিভাগৰ বিষয়া - কৰ্মচাৰি সকল, খোৱাং আৰু পৃথুবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ দ্বয়, বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তা সকল, খোৱাং সম জিলাৰ অন্তৰ্গত শ্বহীদ পৰিয়ালৰ সমূহ পৰিয়াল বৰ্গ, খোৱাং সম জিলা অন্তৰ্গত সকলো বিদ্যালয়ৰ শিক্ষক - কৰ্মচাৰী সকলৰ লগতে ছাত্ৰ - ছাত্ৰী সকল তথা খোৱাং অঞ্চলৰ সূহৃদ সকল উপস্থিত থাকে ।
এই অনুষ্ঠানত শ্বহীদ সকলক স্মৰণ কৰি পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ - ছাত্ৰী, সকলো বিভাগৰ বিষয় - ববীয়া , কৰ্মচাৰী মিলি "শ্বহীদ প্ৰণামো তোমাক" গীতটি পৰিবেশন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
আপোনালোকৰ উপস্থিতি আৰু সহযোগিতাই শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধা জনোৱাৰ এই প্ৰয়াস সদায় স্মৰণীয় হৈ ৰব ।
District Administration Dibrugarh
Directorate of Information and Public Relations, Assam Khowang Co District Administration, Dibrugarh.