23/05/2026
অসমৰ জীয়াৰীসকলৰ অদম্য সাহসিকতাই আজি অসমক বিশ্বমঞ্চত গৌৰৱান্বিত কৰিলে। লখিমপুৰৰ কন্যা শ্ৰীৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি ইতিহাসৰ বুকুত নিজৰ নাম স্বৰ্ণাক্ষৰে খোদিত কৰিলে। তেখেতৰ এই অবিশ্বাস্য সাফল্য সমগ্ৰ অসমৰ নাৰীশক্তিৰ এক জ্বলন্ত প্ৰতীক। তেখেতে সাহস, অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে সপোনক বাস্তৱত ৰূপ দিয়াৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰিলে।
ইয়াৰ লগতে, শ্ৰীমতী ভনীতা টিমুংপীয়েও ITBP-ৰ এভাৰেষ্ট অভিযানৰ নেতৃত্ব বহন কৰি অসমৰ গৌৰৱ অধিক উজ্জ্বল কৰি তুলিছে। তেখেতৰ দূৰদৰ্শী নেতৃত্ব, কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিয়ে অসমৰ নতুন প্ৰজন্মক সাহস আৰু আত্মবিশ্বাসৰ নতুন দিশ দেখুৱাইছে।
শ্ৰীৰূপামণি গড় আৰু ভনীতা টিমুংপী ডাঙৰীয়ানীৰ এই ঐতিহাসিক কৃতিত্বই স্পষ্টকৈ প্ৰমাণ কৰিলে যে অসমৰ জীয়াৰীসকলে সংকল্প, সাধনা আৰু সাহসৰ বলত বিশ্বৰ যিকোনো উচ্চতা স্পৰ্শ কৰিব পাৰে। তেখেতসকলৰ এই বিজয়গাথা আগন্তুক প্ৰজন্মৰ বাবে অনন্ত অনুপ্ৰেৰণাৰ উৎস হৈ যুগে যুগে জিলিকি থাকিব।
দুয়োগৰাকীলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ✨🏔️🇮🇳