ৰাম ভূঞাৰ সমৰ্থক

ৰাম ভূঞাৰ সমৰ্থক ৰাম ভূঞাৰ সমৰ্থক We Support Ram Bhuyan

বন্তিপুৰ প্ৰাথমিক শাখাৰ আজিৰ সবাহত ৰাইজৰ সৈতে হৰিৰ কীৰ্ত্তন কৰোঁ৷ “দুৰ্ল্লভ মনুষ্য জন্ম, লভিয়া পশুৰ যােগ্য, বিষয়ৰ আশা ...
09/06/2025

বন্তিপুৰ প্ৰাথমিক শাখাৰ আজিৰ সবাহত ৰাইজৰ সৈতে হৰিৰ কীৰ্ত্তন কৰোঁ৷ “দুৰ্ল্লভ মনুষ্য জন্ম, লভিয়া পশুৰ যােগ্য, বিষয়ৰ আশা পৰিহৰা।
সন্তৰ সঙ্গত বসি, সুখে হৰিগুণ গায়া, সন্তোষ অমৃত পান কৰা ॥”

দিনে নিশাই সাংগঠনিক কামত ব্যস্ত নাৰায়ণপুৰ - বিহপুৰীয়াৰ কংগ্ৰেছ কৰ্মী৷ কালি নিশা নাৰায়ণপুৰ গ্ৰাম্য মণ্ডল কংগ্ৰেছ সমিতি গ...
09/06/2025

দিনে নিশাই সাংগঠনিক কামত ব্যস্ত নাৰায়ণপুৰ - বিহপুৰীয়াৰ কংগ্ৰেছ কৰ্মী৷ কালি নিশা নাৰায়ণপুৰ গ্ৰাম্য মণ্ডল কংগ্ৰেছ সমিতি গঠন কৰা হয়৷

বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক আৰু ইংৰাজৰ শোষণ-দমনৰ বিৰুদ্ধে আদিবাসী চেতনাক জগাই তুলিবলৈ সক্ষম হোৱা স্বাধীনতা সংগ্ৰামী বীৰচা...
09/06/2025

বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক আৰু ইংৰাজৰ শোষণ-দমনৰ বিৰুদ্ধে আদিবাসী চেতনাক জগাই তুলিবলৈ সক্ষম হোৱা স্বাধীনতা সংগ্ৰামী বীৰচা মুণ্ডাক আজি মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ৷ স্বাধীনতা আন্দোলনত বিভিন্ন জাতি- ধৰ্ম-বৰ্ণ আৰু বিভিন্ন প্ৰান্তৰ মানুহৰ অৱদান আছিল। কেৱল এমুঠিমান মানুহ নাছিল। তাৰেই বহু লোকে উচিত সন্মান নাপালে। এতিয়া সেই আন্দোলনখনক একাংশই ভিক্ষা কৰা বুলিও কয়৷ কিন্তু, বিৰল সাহসৰ প্ৰতীক বীৰচা মুণ্ডাৰ ত্যাগক আমি নাপাহৰোঁ৷

আজি বেচৰকাৰী সংস্থা সাঁকোৰ উদ্যোগত আৰু শিলিখাগুৰী ব্যৱসায়ী সন্থাৰ সহযোগত আজি বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ...
08/06/2025

আজি বেচৰকাৰী সংস্থা সাঁকোৰ উদ্যোগত আৰু শিলিখাগুৰী ব্যৱসায়ী সন্থাৰ সহযোগত আজি বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়৷

আজি মণিকাঞ্চন কলা নিকেতন (চিত্ৰ কলা আৰু সংগীত মহাবিদ্যালয়) নাৰায়ণপুৰত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰোঁ৷
08/06/2025

আজি মণিকাঞ্চন কলা নিকেতন (চিত্ৰ কলা আৰু সংগীত মহাবিদ্যালয়) নাৰায়ণপুৰত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰোঁ৷

২০১৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি! সুদীৰ্ঘ ১০বছৰৰ পিছত আজিৰ অসমৰ স্থান ...
08/06/2025

২০১৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি!

সুদীৰ্ঘ ১০বছৰৰ পিছত আজিৰ অসমৰ স্থান ভাৰতৰ ভিতৰত কিমান?

Himanta Biswa Sarma BJP Assam Pradesh

সকলোলৈ বিশ্ব পৰিবেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে আহক আমি সকলোৱে আমাৰ চৌপাশৰ জৈৱ-বৈ...
05/06/2025

সকলোলৈ বিশ্ব পৰিবেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে আহক আমি সকলোৱে আমাৰ চৌপাশৰ জৈৱ-বৈচিত্ৰতা আৰু পৰিবেশ তন্ত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ সংকল্প গ্ৰহণ কৰো। এখন স্বচ্ছ, সেউজ অসম গঢ়াৰ নিমিত্তে "বিশ্ব পৰিৱেশ দিৱস"ৰ দিনা আমি সকলোৱে মিলি সংকল্পবদ্ধ হওঁ।

আপোনাৰ আজিৰ পদক্ষেপে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিব।

বিপুৰীয়া সমষ্টিৰ এখন চিনাকি মুখ ৰাম ভূঞা  Bhuyan♥️ৰাইজৰ সুখে-দুখে কাষত পোৱা এগৰাকী প্ৰকৃত সমাজকৰ্মী। অসমীয়া মানুহে ব্যৱস...
05/06/2025

বিপুৰীয়া সমষ্টিৰ এখন চিনাকি মুখ ৰাম ভূঞা Bhuyan♥️

ৰাইজৰ সুখে-দুখে কাষত পোৱা এগৰাকী প্ৰকৃত সমাজকৰ্মী। অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে, অসমীয়া মানুহৰ ব্যৱসায়ীক ধ্যান ধাৰণা নাই ধৰণৰ কথাবোৰক আওকাণ কৰি ত্যাগ, কষ্ট আৰু অধ্যৱসায়ৰ জৰিয়তে এগৰাকী সফল ব্যৱসায়িক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ৰাম ভূঞা(ৰাম দা) সকলোৰে বাবে প্ৰেৰণাৰ উৎস। এজন সফল ব্যৱসায়ী হোৱাৰ পিছতো সমাজৰ লগতে অসম আৰু অসমীয়াৰ হৈ কাম কৰাৰ প্ৰৱল ইচ্ছা থকাটো জাতিটোৰ বাবে শুভ-লক্ষণ। ব্যাপক নিবনুৱা সমস্যাত জৰ্জৰিত হৈ থকা সমষ্টিৰ অসংখ্য নিবনুৱা যুৱকক কৰ্ম-সংস্থাপনৰ বাট মোকোলাই দিছে এই গৰাকী ব্যক্তিয়ে। "পথাৰো আমাৰ, বজাৰো আমাৰ" বুলি শ্ল'গান দিয়াতেই সীমাবদ্ধ নাথাকি পথাৰ আৰু বজাৰ দখলৰ বাবে সমষ্টিটোৰ নিবনুৱা যুৱক-যুৱতী সকলক সংস্থাপনৰ বাবে নিজা চেষ্টা আজি বহুদিনৰ পৰাই কৰি আহিছে নাৰায়ণ ভূঞাই। বিজ্ঞানসন্মত পৰিকল্পনা আৰু তথ্য-প্ৰযুক্তিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে কৃষিকাৰ্য অথবা বিভিন্ন ক্ষেত্ৰত ফার্মিঙৰ জৰিয়তে সমষ্টিৰ বহুতো নিবনুৱা যুৱকক সংস্থাপনৰ বাট দেখুৱাই দিয়াৰ কথাও সকলোৰে জ্ঞাত। ৰাইজৰ বিপদৰ সময়ত তেওঁ সদায় ৰাইজৰ কাষত থিয় দিছে। নম্ৰ-ভদ্ৰ তথা ধৰ্মপৰায়ন নাৰায়ণ ভূঞাই বিভিন্ন সময়ত ব্যক্তিগত প্ৰচেষ্টাত অসমৰ লোক-কৃষ্টি, সংস্কৃতি ৰক্ষাৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। হাজাৰ সমালোচনা আৰু প্ৰত্যাহ্বানেও বাধা দিব নোৱাৰাকৈ ৰাইজৰ হৈ আপুনি কাম কৰি গৈ থাকক। সমষ্টিৰ প্ৰতিজন ৰাইজ আপোনাৰ লগত আছে আৰু থাকিব✊

RAM bhuyan Fan's club Ram Bhuyan

Address

Bihpuria
Bihpuriagaon

Website

Alerts

Be the first to know and let us send you an email when ৰাম ভূঞাৰ সমৰ্থক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category